আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ কথা সোঁৱৰাই চাপত ৰখা চেষ্টা টীম ইণ্ডিয়াক

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

ডিজিটেল ডেস্ক : আৰম্ভ হ'ল প্ৰহৰ গণনা। মাজত মাত্ৰ এটা দিন। কাইলৈ বিশ্বকাপৰ ফাইনেল মেচ। আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...।

Advertisment

২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩। সুদীৰ্ঘ দুটা দশকৰ অন্তত এদিনীয়া বিশ্বকাপৰ মঞ্চত সমুখ সমৰত নামিব ভাৰত বনাম অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া বধৰ সুযোগ সমাগত। টীম ইণ্ডিয়াই পোতক তুলিব ২০০৩ বিশ্বকাপত মুখৰ পৰা ভাত কাঢ়ি নিয়া দি কাঢ়ি লৈ যোৱা বিশ্বকাপৰ খিতাপ।

সেইবাৰ সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতীয় দলে জয়ৰ কাষ চাপিও ৰানাৰ্ছ-আপতে সন্তুষ্ট থাকিব লগা হৈছিল। বীৰদৰ্পে উজলি উঠিছিল কেংগাৰু বাহিনী। এতিয়া আৰু সেই সুযোগ অষ্ট্ৰেলিয়াক দিয়া নহ'ব।

প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাঢ়া দৃষ্টিত অষ্ট্ৰেলিয়া বধৰ পূৰ্ণ আখৰাত ব্যস্ত দলৰ প্ৰতিগৰাকী খেলুৱৈ। সম্প্ৰতি সুন্দৰ ফৰ্মত অপেনিং যুটি ৰোহিত-গীল। মিডল অৰ্ডাৰত বিৰাট-শ্ৰেয়াছ-ৰাহুল। যিকোনো মুহূৰ্ততে ভয়াৱহ হৈ উঠাৰ ক্ষমতা আছে সূৰ্য্যকুমাৰ যাদৱৰ।

ইফালে নয়নৰ মণি ছামি হৈ পৰিছে অষ্ট্ৰেলিয়াৰ মূৰৰ কামোৰণি। বলিংতো বুমৰাহ-ছিৰাজ,কুলদ্বীপ-জাডেজাই দিছে চমক। মুঠৰ ওপৰত সকলো দিশৰ পৰা ভাৰত এটা সম্পূৰ্ণ দল। কিন্তু এই কথা ভাবি নাকত তেল দি থলে বিপদ কোন দিশৰ পৰা আহে সেয়া কোনোও নাজানে।

কিয়নো অষ্ট্ৰেলিয়া মাইণ্ড গেম খেলাত পাকৈত। অষ্ট্ৰেলিয়াৰ প্ৰতিগৰাকী ক্ৰিকেটাৰ সিদ্ধহস্ত কাক ক'ত কেনেকৈ শ'লঠেকত পেলাব লাগে। জানে প্ৰতিপক্ষক চাপত ৰখাৰ কৌশল।

কেনেকৈ প্ৰতিপক্ষৰ মুখৰ পৰা কাঢ়ি আনিব লাগে খিতাপ; সেই দিশত অষ্ট্ৰেলিয়া বিশাৰদ। এতিয়াৰ পৰাই অষ্ট্ৰেলিয়াই চাপত ৰাখিছে ভাৰতক। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ কথা সোঁৱৰাই চাপত ৰখা চেষ্টা টীম ইণ্ডিয়াক।

এই সম্পৰ্কে ইতিমধ্যে এক সংবাদমেলত পেচাৰ ষ্টৰ্কে দিছে পূৰ্বাভাস। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত কেংগাৰু বাহিনীয়ে কিদৰে ভাৰতক পৰাস্ত কৰিছিল সেই কথা সোঁৱৰাই দিছে ষ্টাৰ্কে।

ৰোহিত শৰ্মাক লৈ ষ্টাৰ্কে ৰচিছে বিশেষ ৰণ কৌশল। বাঁওহতীয়া পেচাৰৰ প্ৰতি ৰোহিতৰ দুৰ্বলতা সৰ্বজনবিদিত। অপেনিঙৰ গতি ৰুদ্ধ কৰিবলৈ তেওঁ ৰচনা কৰিছে এই কৌশল।

এতিয়া অপেক্ষা মাথোঁ সময়লৈ। সময়ে নিৰ্ধাৰণ কৰিব ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্মই ভাৰতক কামত দিয়ে নে নিদিয়ে। সময়ত নিৰ্ধাৰিত হ'ব অষ্ট্ৰেলিয়া বধৰ আখৰাই মঞ্চত কি ভূমিকা পালন কৰে !

Also Read: সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন

icc india bcci cricket australia World cup2023 australia India vs Australia ICC world cup