সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন
সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন

সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন

প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ অনুৰাগীসকলে পালন কৰিব প্ৰিয় শিল্পীগৰাকীৰ ৫১সংখ্যক জন্মদিন।

ডিজিটেল ডেস্ক : সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন। জীৱনৰ ৫১টা বসন্ত অতিক্ৰম কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে। বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ অনুৰাগীসকলে পালন কৰিব প্ৰিয় শিল্পীগৰাকীৰ ৫১সংখ্যক জন্মদিন।

১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। প্ৰায় ২৫ সহস্ৰাধিক গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতক অনন্য় মাত্ৰা প্ৰদান কৰিছে জুবিন গাৰ্গে।

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা-উপভাষাৰ গীতত কণ্ঠদান কৰাৰ উপৰি বলিউদতো আছে শিল্পীগৰাকীৰ প্ৰতিভাৰ স্বাক্ষৰ। দাক্ষিণাত্যৰ একাধিক ভাষাত শিল্পীগৰাকীয়ে কণ্ঠ নিগৰাইছে।

ইয়াৰোপৰি অভিনেতা,সংগীত পৰিচালক,ছবি পৰিচালক হিচাপেও তেওঁৰ আছে ঈৰ্ষণীয় সফলতা। যি সফলতাৰ বাবে আজি তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষৰ আসনত অধিষ্ঠিত হৈ আছে।

আনহাতে বিভিন্ন সময়ত জুবিন গাৰ্গে দিয়া ভাষ্য অনুসৰি তেওঁৰ আছে দুখনকৈ আহিবলগীয়া ছবি। চিকাৰ আৰু ৰৈ ৰৈ বিনালে। অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেওঁ কিছুদিনৰ বাবে ছবিৰ দৃশ্যগ্ৰহণৰ কামৰ পৰা বিৰত আছে।

সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন
এতিয়াও উদ্ধাৰ হোৱা নাই সুৰংগত আবদ্ধ ৪০ শ্ৰমিক : অসুস্থ দুই শ্ৰমিক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in