মুম্বাই ইণ্ডিয়ানছৰ হৈ WPLৰ প্ৰথম সংস্কৰণৰ প্ৰথম মেচত অসমৰ জিণ্টিমণি

গুজৰাট জায়েণ্টচৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত জিণ্টিমণিয়ে উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে
মুম্বাই ইণ্ডিয়ানছৰ হৈ WPLৰ প্ৰথম সংস্কৰণৰ প্ৰথম মেচত অসমৰ জিণ্টিমণি

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে আই পি এলৰ আৰ্হিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে মহিলা আই পি এল। বি চি চি আইৰ এই মেগা টুৰ্ণামেণ্টখনত মুম্বাই ইণ্ডিয়ানছৰ হৈ অসমৰ ক্ৰিকেটাৰ জিণ্টিমণি কলিতায়ো খেলাৰ সুযোগ লাভ কৰিছে।

আজি জিণ্টিমণিয়ে মহিলা আই পি এলৰ প্ৰথমখন মেচতে খেলাৰ সুযোগ লাভ কৰিছে। গুজৰাট জায়েণ্টচৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত জিণ্টিমণিয়ে উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে টছত জয়লাভ কৰি গুজৰাট জায়েণ্টচে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে বাতৰি লিখা পৰলৈকে তিনিটা উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰি আছে।

মুম্বাই ইণ্ডিয়ানছৰ হৈ WPLৰ প্ৰথম সংস্কৰণৰ প্ৰথম মেচত অসমৰ জিণ্টিমণি
হাওৰাঘাটত ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ বিধায়ক দৰছিং ৰংহাঙৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in