হাওৰাঘাটত ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ বিধায়ক দৰছিং ৰংহাঙৰ

৫ হেজাৰ টকাৰ এককালিন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে
হাওৰাঘাটত ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ বিধায়ক দৰছিং ৰংহাঙৰ

ডিজিটেল সংবাদ,হাওৰাঘাটঃ হাওৰাঘাটত ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ বিধায়ক দৰছিং ৰংহাঙৰ। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ লৰিংথেপিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত হাওৰাঘাট অঞ্চলৰ মুঠ ২৯৩ গৰাকী ছাত্ৰ ছাত্ৰী আৰু ১৯৩ গৰাকী ৰোগীক আৰোগ্যৰ বাবে ৫ হেজাৰ টকাৰ এককালিন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে ।

ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণৰ অনুষ্ঠানত বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে, ফুলনি পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য কাংবুঢ়া কিলিং, হাওৰাঘাট নগৰ পৌৰসভাৰ অধ্যক্ষ বিদ্যা টেৰণকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত হাওৰাঘাট সমষ্টিৰ শতাধিক ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে ।

হাওৰাঘাটত ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ বিধায়ক দৰছিং ৰংহাঙৰ
শংকৰী‌ সংস্কৃতিৰ সাধক সোণাৰাম বৰাৰ বিয়োগ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in