চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দলঃ পূৰণ হ'ব লাগিব মাত্ৰ এটা চৰ্ত...
চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দলঃ পূৰণ হ'ব লাগিব মাত্ৰ এটা চৰ্ত...

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দলঃ পূৰণ হ'ব লাগিব মাত্ৰ এটা চৰ্ত...

বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কৰিলে স্পষ্ট

ডিজিটেল ডেস্কঃ অহা বছৰ পাকিস্তানৰ মাটিত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাখনক লৈ এতিয়াৰে পৰা আৰম্ভ হৈছে চৰ্চা। বিশেষকৈ ভাৰতে পাকিস্তানলৈ দল প্ৰেৰণ কৰিব নে নাই তাক লৈয়ো দুয়োখন দেশতে আৰম্ভ হৈছে চৰ্চা। এই চৰ্চাৰ মাজতে বি চি চি আইৰ ফলাৰ পৰা উল্লেখ কৰিছে পাকিস্তানলৈ ভাৰতীয় দল প্ৰেৰণ কৰিবলৈ ব’ৰ্ড সাজু। কিন্তু ইয়াৰ বাবে পূৰণ হ'ব লাগিব এটা চৰ্ত।

ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষীক ছিৰিজ অনুষ্ঠিত নোহাৱা এটা যুগ পাৰ হ'ল। পাকিস্তানলৈ ভাৰতীয় দল খেলিবলৈ নোযোৱা প্ৰায় ডেৰ দশক হ'ল। কেৱল আই চি চি টুৰ্ণামেণ্টতে এই দুই দল মুখামুখী হয়। এনে টু্ৰ্ণামেণ্টৰ মেচৰ সময়তে দেখিবলৈ পোৱা যায় দুয়োখন দেশৰ ক্ৰিকেট অনুৰাগীৰ লগতে বিশ্ব ক্ৰিকেট অনুৰাগীৰ দুয়ো দলৰ মেচক লৈ থকা উন্মাদনা।

ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক, কূটনৈতিক সম্পৰ্ক অৱনতি ঘটাৰ বাবেই ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক এৰাই চলি আহিছে। সেয়ে দুয়ো দেশৰ মাজত অনুষ্ঠিত হোৱা নাই দ্বিপাক্ষীক শৃংখলা। ভাৰত যোৱা নাই পাকিস্তানলৈ।

এনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দল পাকিস্তানলৈ যাব নে নাই তাক লৈ পুনৰ চৰ্চা হোৱাটো স্বাভাৱিক কথা। যোৱা বছৰ এছিয়া কাপৰ সময়ত ভাৰত পাকিস্তানলৈ নোযোৱাৰ বাবেই সৃষ্টি হৈছিল এক জটিল পৰিস্থিতি।

পাকিস্তানে এছিয়া কাপ অনুষ্ঠিত কৰাৰ স্বত্ব লাভ কৰাৰ পাছতো ভাৰতীয় দল পাকিস্তানলৈ নোযোৱাৰ বাবেই হাইব্ৰীড পদ্ধতিৰে শ্ৰীলংকাৰ সৈতে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল। ভাৰতৰ মেচসমূহ শ্ৰীলংকাত খেলুওৱাৰ বিপৰীতে বাকীবোৰ মেচ পাকিস্তানত খেলুওৱা হৈছিল।

কিন্তু চেম্পিয়নছ ট্ৰফিত এইবাৰ সেই পদ্ধতি অনুসৰণ কৰিব বিচৰা নাই পাকিস্তানে। পাক ক্ৰিকেট ব'ৰ্ডে সকলো মেচ পাকিস্তানতেই অনুষ্ঠিত কৰিব বুলি স্পষ্ট কৰিছে। ইয়াৰ বাবে ভাৰত পাকিস্তানলৈ যাব লাগিব।

এনে পৰিস্থিতিত এতিয়া বি চি চি আইয়েও নিজৰ স্থিতি স্পষ্ট কৰিছে। বি চি চি আইৰ ফালৰ পৰা কোৱা হৈছে ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ কৰাত কোনো আপত্তি নাই ব’ৰ্ডৰ, আছে মাত্ৰ এটা চৰ্ত।

বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এই চৰ্ত সম্পৰ্কত কয়, চৰকাৰে যি ক'ব আমি তাকেই কৰিম। পাকিস্তানলৈ যাবলৈ ব'ৰ্ডৰ কোনো আপত্তি নাই। কিন্তু তাৰ বাবে চৰকাৰৰ অনুমতিৰ প্ৰয়োজন। চৰকাৰে অনুমতি দিলেই আমি আমাৰ দল পঠিয়াম।

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দলঃ পূৰণ হ'ব লাগিব মাত্ৰ এটা চৰ্ত...
BJP য়ে হেৰুৱাব হাৰিয়ানা ! JJP ৰ ১০ বিধায়কেও প্ৰত্যাহাৰ কৰিব সমৰ্থন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in