BJP য়ে হেৰুৱাব হাৰিয়ানা ! JJP ৰ ১০ বিধায়কেও প্ৰত্যাহাৰ কৰিব সমৰ্থন...
BJP য়ে হেৰুৱাব হাৰিয়ানা ! JJP ৰ ১০ বিধায়কেও প্ৰত্যাহাৰ কৰিব সমৰ্থন...

BJP য়ে হেৰুৱাব হাৰিয়ানা ! JJP ৰ ১০ বিধায়কেও প্ৰত্যাহাৰ কৰিব সমৰ্থন...

আনাস্থা প্ৰস্তাৱ উত্থাপন হ'লে বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ হুংকাৰ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অংকত ব্যস্ত থকাৰ সময়তে হাৰিয়ানাত চূড়ান্ত বিপৰ্যয়ৰ সন্মুখীন হৈছে বিজেপিৰ চৰকাৰ। ৰাজ্যখনত ক্ৰমাৎ সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ উপক্ৰম হৈছে নায়েব সিং ছাইনীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে মঙ্গলবাৰে হাৰিয়ানাৰ তিনি নিৰ্দলীয় বিধায়কে শাসকীয় চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিলে। ইয়াৰ বিপৰীতে আন এগৰাকী নিৰ্দলীয় বিধায়কেও সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলি জনাইছে যদিও এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই।

এনে পৰিস্থিতিৰ মাজতে এইবাৰ ৰাজ্যখনৰ বিজেপি চৰকাৰ আস্থা ভোটৰ সন্মুখীন হ’লে জননায়ক জনতা পাৰ্টি চমুকৈ জেজেপিয়ে সমৰ্থন নিদিয়ে বুলি ঘোষণা কৰিছে। দলটোৰ সভাপতি দুষ্মন্ত চৌটালাই আজি এই সন্দৰ্ভত স্পষ্ট ঘোষণা কৰিছে। তেওঁ কয়, এইবাৰ যদি আস্থা ভোট হয় তেন্তে তেওঁৰ দলে বিজেপিৰ বিৰুদ্ধে ভোট দিব। ফলত ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰ অধিক চাপৰ সন্মুখীন হৈছে।

এক সংবাদ মেল সম্বোধন কৰি জেজেপিৰ প্ৰধানগৰাকীয়ে কয় যে, যদি বিৰোধী দলৰ নেতা ভূপিন্দৰ সিং হুড্ডাই চৰকাৰৰ বিৰুদ্ধে আনাস্থা প্ৰস্তাৱ আনে তেওঁৰ দলৰ বিধায়কে চৰকাৰৰ বিৰুদ্ধে ভোট দিব। তেওঁ নায়েব সিং ছাইনীক দুৰ্বল মুখ্যমন্ত্ৰী আখ্যা দি লোকসভা নিৰ্বাচনৰ মাজতেই ৰাজ্যখনত বিজেপি চৰকাৰ পতন হ’ব বুলিও মন্তব্য কৰিছে।

উল্লখ্য যে, মাত্ৰ কেইটামান মাহৰ পূৰ্বে দুষ্মন্তৰ দল জেজেপি বিজেপিৰ সৈতে মিত্ৰতাত আছিল। জেজেপিৰ সমৰ্থনতেই ৰাজ্যখনত মনোহৰ লাল খট্টৰে চৰকাৰ গঠন কৰিছিল। সেই মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰী হয় দুষ্মন্ত চৌটালা। ইয়াৰ পিছত লোকসভা নিৰ্বাচনৰ আসন বুজাবুজিৰ সময়ত বিজেপি আৰু জেজেপিৰ মাজত সংঘাতে দেখা দিয়ে।

ইফালে বিগত মাৰ্চ মাহতেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লয় মনোহৰ লাল খট্টৰে। ফলত ভংগ হয় মন্ত্ৰীসভাও। তাৰ পাছতেই মুখ্যমন্ত্ৰী হিচাপে শপত লয় নায়াব সিং ছাইনীয়ে। শপত লোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ আস্থা ভোটৰ সন্মুখীন হৈ সংখ্যাগৰিষ্ঠতাৰো প্ৰমাণ দিয়ে।

চৰকাৰ গঠনৰ মাত্ৰ ২ মাহ পাছতেই এতিয়া নায়াব সিং ছাইনীৰ ওপৰত চাপ বৃদ্ধি পাইছে। ৪ গৰাকী নিৰ্দলীয় বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰাটো নিশ্চিত হৈ পৰাৰ পাছত এতিয়া জেজেপিয়েও বিজেপিৰ বিৰুদ্ধেই ভোট দিব বুলি মুকলিকৈ ঘোষণা কৰিছে।

ইফালে চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰত্যাহাৰ কৰা তিনি বিধায়কে তেওঁলোকৰ সমৰ্থন কংগ্ৰেছলৈ আগবঢ়াব বুলি ঘোষণা কৰিছে। আনগৰাকী নিৰ্দলীয় বিধায়কেও শীঘ্ৰেই তেওঁৰ সমৰ্থন আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিব।

ইয়াৰ পিছতে হাৰিয়ানাত আৰম্ভ হৈছে অংকৰ খেল। ৰাজ্যখনক ৬ জন নিৰ্দলীয় বিধায়কৰ ভিতৰত ৪ গৰাকীয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিলেই সংখ্যাগৰিষ্ঠতা হেৰুৱাব বৰ্তমানৰ চৰকাৰে।

ৰাজ্যখনত এতিয়া কংগ্ৰেছৰ বিধায়ক আছে ৩০ গৰাকী। জেজেপিৰ ১০ গৰাকী আৰু আই এন এল ডিৰ ১ জন বিধায়ক আছে। গতিকে ৩ ৰ পৰা ৪ গৰাকী নিৰ্দলীয় বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰ তেন্তে বিজেপি চৰকাৰৰ বিপদ নিশ্চিত। বিধানসভাত পাছ হৈ যাব পাৰে আনাস্থা প্ৰস্তাৱ।

অৱশ্যে ইমানৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনীয়ে দাবী কৰিছে উদ্বেগৰ কোনো কাৰণ নাই। কংগ্ৰেছে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সেই চেষ্টা সফল নহয়। কিন্তু দুষ্মন্তৰ ঘোষণাই যে চৰকাৰখনৰ উদ্বেগ বৃদ্ধি কৰিলে সেয়াও নিশ্চিত। এতিয়া লক্ষ্যণীয় হ'ব লোকসভা নিৰ্বাচনৰ অংকত ব্যস্ত থকা মোডী, শ্বাহে কিদৰে এই ৰাজ্যখনৰ চৰকাৰক ৰক্ষা কৰে।

BJP য়ে হেৰুৱাব হাৰিয়ানা ! JJP ৰ ১০ বিধায়কেও প্ৰত্যাহাৰ কৰিব সমৰ্থন...
আম্বানী-আদানীৰ পৰা কিমান টকা ল'লে? তেলেংগানাত মোডীৰ ৰাহুলক প্ৰশ্ন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in