আজি জোনমণি ৰাভা সন্দৰ্ভত প্ৰকাশ পাব নতুন তথ্য, সংবাদ মেলৰ আয়োজন চি আই ডিৰ

আজি জোনমণি ৰাভা সন্দৰ্ভত প্ৰকাশ পাব নতুন তথ্য, সংবাদ মেলৰ আয়োজন চি আই ডিৰ

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য জোকাৰি যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পাছত উত্থাপন হৈছিল বহু প্ৰশ্ন । কাৰোবাৰ মতে যদি এইয়া হত্যা, আন কাৰোবাৰ মতে এইয়া দুৰ্ঘটনা । এটাৰ পাছত আন এটা ৰহস্য ফাদিল হৈ গৈ থকাৰ মাজতেই দিকভ্ৰান্ত হৈ পৰিছিল আৰক্ষী-প্ৰশাসন আৰু সাধাৰণ ৰাইজ । এই সকলোৰে অন্ত পেলাই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত বৰ্তমানলৈ লাভ কৰা সকলো ধৰণৰ তথ্যৰে সৈতে এক সংবাদ মেলৰ আয়োজন কৰিছে অসমৰ চি আই ডি শাখাই ।

দিনৰ ১১ বজাৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ আলোচনাগৃহত অনুষ্ঠিত হ'ব লগীয়া এই সংবাদ মেলত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত বহু নতুন তথ্য প্ৰকাশ পাব বুলি ভবাৰ থল নিশচয়কৈ আছে ।

আজি জোনমণি ৰাভা সন্দৰ্ভত প্ৰকাশ পাব নতুন তথ্য, সংবাদ মেলৰ আয়োজন চি আই ডিৰ
এতিয়াৰে পৰা ডিজিপিৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য দিব নোৱাৰিব আৰক্ষীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in