কিয় সলনি হ'ল গুজৰাট টাইটানছৰ জাৰ্চীৰ ৰং

২০১৫ চনত যুৱৰাজ সিঙ নেতৃত্বাধীন দিল্লী ডেয়াৰডেভিলছেয়ো কৰ্কট ৰোগৰ সজাগতাৰ বাবে লিভেণ্ডাৰী জাৰ্চী পৰিধান কৰিছিল
কিয় সলনি হ'ল গুজৰাট টাইটানছৰ জাৰ্চীৰ ৰং
Published on
Updated on

ডিজিটেল ডেস্কঃ চলিত আই পি এলত উন্নত প্ৰদৰ্শনৰ ভিত্তিত সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষত যোৱা বৰ্ষৰ চেম্পিয়ন গুজৰাট টাইটানছ। সোমবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ।

গাঢ় নীলা বৰণৰ জাৰ্চী পৰিধান কৰি খেলপথাৰত দপদপাই থকা গুজৰাট টাইটানছক আজিৰ এই মেচখনত দেখা গ'ল অন্য ৰূপত। আই পি এলত দলটোৰ অভিষেক বৰ্ষ ২০২২ৰ পৰাই পৰিধান কৰি আহিছে গাঢ় নীলা জাৰ্চী।

কিন্তু আজিৰ এই মেচখনত ইয়াৰ পৰিৱৰ্তে গুজৰাটৰ খেলুৱৈসকলে পৰিধান কৰিলে লিভেণ্ডাৰ জাৰ্চী। কিয়নো কৰ্কট ৰোগৰ সজাগতাৰ উদ্দেশ্যেই হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন দলটোৱে সদা পৰিচিত গাঢ় নীলা জাৰ্চীৰ পৰিৱৰ্তে লিভেণ্ডাৰ জাৰ্চী পৰিধান কৰে।

ইয়াৰ কাৰণ লিভেণ্ডাৰৰ বৰণ খাদ্যনলীৰ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত। সেয়ে কৰ্কট ৰোগৰ সজাগতাৰ উদ্দেশ্য সন্মুখত ৰাখি দলটোৰ খেলুৱৈসকলে লিভেণ্ডাৰ বৰণৰ জাৰ্চী পৰিধান কৰে। উল্লেখ্য যে, ২০১৫ চনত যুৱৰাজ সিঙ নেতৃত্বাধীন দিল্লী ডেয়াৰডেভিলছেয়ো কৰ্কট ৰোগৰ সজাগতাৰ বাবে লিভেণ্ডাৰী জাৰ্চী পৰিধান কৰিছিল।

কিয় সলনি হ'ল গুজৰাট টাইটানছৰ জাৰ্চীৰ ৰং
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in