সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ

দোষী আৰক্ষীক বিধিমতে শাস্তি বিহিবলৈ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ

ডিজিটেল ডেস্কঃ কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যহাৰ কৰা আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ। এক বিজ্ঞপ্তিযোগে আপে এক কথা উল্লেখ কৰে।

বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ এলেকাত কিশোৰী বলাৎকাৰ কৰা সমুদ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰৰ দাবীত আম আদমি পাৰ্টীয়ে সোমবাৰে দীঘলী পুখুৰীৰ পাৰত সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক দলটোৱে নিন্দা কৰে।

লগতে উল্লেখ কৰে যে ফেচীবাদী বি জে পি চৰকাৰখনে অসমত আৰম্ভ কৰা পুলিচৰাজৰ এয়া এক প্ৰতিফলন বুলি আম আদমি পাৰ্টীয়ে অভিহিত কৰে। দোষী আৰক্ষীক বিধিমতে শাস্তি বিহিবলৈ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়।

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ
বান নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ্য সামগ্ৰীৰ উপযুক্ত বিতৰণৰ তদাৰক মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in