বিশ্বকাপত কোন হ'ব ভাৰতৰ উইকেট কীপাৰ বেটছমেন? পণ্ট, ছেমচনক লৈ দোমোজাত মেনেজমেণ্ট...

যুৱৰাজ সিং, পাৰ্থিৱ পেটেলে দিলে এজনকেই অগ্ৰাধিকাৰ
বিশ্বকাপত কোন হ'ব ভাৰতৰ উইকেট কীপাৰ বেটছমেন? পণ্ট, ছেমচনক লৈ দোমোজাত মেনেজমেণ্ট...
বিশ্বকাপত কোন হ'ব ভাৰতৰ উইকেট কীপাৰ বেটছমেন? পণ্ট, ছেমচনক লৈ দোমোজাত মেনেজমেণ্ট...

ডিজিটেল ডেস্কঃ কোন হ'ব ভাৰতীয় দলৰ উইকেট কীপাৰ? সমাগত টি-২০ বিশ্বকাপ। এইবাৰ বিশ্বকাপখনত ভাৰতৰ যাত্ৰা অহা ৫ জুন তাৰিখে আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ'ব। কিন্তু তাৰ পূৰ্বে আজি বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন প্ৰস্তুতি মেচ খেলিব ভাৰতে।

কিন্তু বিশ্বকাপৰ পূৰ্বে বহুতৰে মনত এতিয়া প্ৰশ্ন হৈছে ভাৰতীয় দলৰ মূল একাদশত কোনগৰাকী উইকেট কীপাৰ বেটচমেনে স্থান লাভ কৰিব? ঋষভ পন্ট নে সঞ্জু ছেমচন?

বিশ্বকাপৰ দল ঘোষণাৰ পূৰ্বে ১৫ জনীয়া ভাৰতীয় দলটোত উইকেট কীপাৰ হিচাপে কাক বাচনি কৰিব সেই বিষয়ে জানিবলৈ সকলো ক্ৰিকেটপ্ৰেমী অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। ঋষভ পণ্ট নে সঞ্জু ছেমচনে লাভ কৰিব স্থান তাক লৈ সৃষ্টি হৈছিল উৎকণ্ঠা।

দুৰ্ঘটনাৰ পাছত দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা ঋষভ পণ্টে সদ্য সমাপ্ত আই পি এলৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিলে। তেওঁ এইবাৰ আই পি এলত যথেষ্ট ভাল প্ৰদৰ্শনো কৰিছে। একেদৰে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব পালন কৰি থকা সঞ্জু ছেমচনো সুন্দৰ ফৰ্মত আছে। দলটোক নেতৃত্ব দি তেওঁ প্লে' অফলৈ লৈ যোৱাৰ সমান্তৰালকৈ ৫০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে।

এনে পৰিস্থিতিত কোনগৰাকী উইকেট কীপাৰক নিৰ্বাচকে টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত কৰিব তাক লৈ দোমোজাত পৰিছিল বুলিয়েই খবৰ আহিছিল। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত ঋষভ পন্ট আৰু সঞ্জু ছেমচন দুয়োজনকেই দলত স্থান দিলে নিৰ্বাচকে।

বিশ্বকাপৰ বাবে ইতিমধ্যে নিউয়ৰ্কত উপস্থিত হৈ ৩০ মে’ত প্ৰথমবাৰৰ বাবে অনুশীলন আৰম্ভ কৰে ভাৰতীয় দলটোৱে। অনুশীলন শিবিৰত ঋষভ পন্ট আৰু সঞ্জু ছেমচন দুয়োকে নেটত বহু সময় বেটিং কৰাও দেখা পোৱা গৈছে।

এনেদৰেই দুয়োৱে অনুশীলন অব্যাহত ৰাখিছে যদিও দুয়োৰে মাজত কোনগৰাকী ক্ৰিকেটাৰক মূল একাদশত স্থান দিব সেয়া এতিয়াও নিশ্চিত নহয়। অৱশ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দলীয় মেনেজমেণ্টৰ বাবে এই দুয়োগৰাকী ক্ৰিকেটাৰেই অতি গুৰুত্বপূৰ্ণ।

ইমানৰ পিছতো এই কথা প্ৰায় নিশ্চিত যে দলীয় মেনেজমেণ্টে ঋষভ পণ্টকেই মূল একাদশত স্থান দিবলৈ অধিক আগ্ৰহী হৈ আছে। কিয়নো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পণ্টে বহু কেইবাৰ দলৰ বিপদৰ সময়ত বীৰৰ দৰে খেল পথাৰত থিয় হৈ মেচ জয়ৰ সোৱাদ দিছে ভাৰতক। তাৰোপৰি পণ্টৰ আছে দুখনকৈ টি-২০ বিশ্বকাপ খেলাৰ অভিজ্ঞতা।

সৰ্বোপৰি পণ্টৰ আন এক 'এডভাণ্টেজ' হ'ল তেওঁ বাওঁহতীয়া বেটছমেন। সেয়ে তেওঁকেই মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা অধিক। পণ্টক লৈ দলীয় মেনেজমেণ্ট অধিক আগ্ৰহী যদিও অৱশ্যে পণ্টৰ টি-২০ৰ এভাৰেজ আৰু ষ্ট্ৰাইক ৰেট বৰ সন্তুোষজনক নহয়। পণ্টে এই পৰ্যন্ত ৬৬ খন টি-২০ খেলি গড়ে ২২.৪ কৈ ১২৬.৪ ষ্ট্ৰাইক ৰেটৰ সৈতে ৯৮৭ ৰাণ সংগ্ৰহ কৰিছে।

পণ্টৰ এনে অভিজ্ঞতা আৰু ৰেকৰ্ডৰ বিপৰীতে অৱশ্যে সঞ্জু ছেমচেনৰ বৰ বেছি আন্তঃৰাষ্ট্ৰীয় টি-২০ ৰ অভিজ্ঞতা নাই। সঞ্জুৱে ভাৰতৰ হৈ মাত্ৰ ২৫ খন টি-২০ ত অংশ লৈছে। ছেমচনৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ ৰ কেৰিয়াৰো যথেষ্ট উঠা নমা। তেওঁ ধাৰাবাহিকভাৱে খেলাৰ সুযোগো পোৱা নাই।

পণ্ট আৰু ছেমচেনক তুলনা কৰিবলৈ কেৱল তেওঁলোকৰ আই পি এলৰ ৰেকৰ্ডহে গ্ৰহণীয়। কিয়নো আই পি এলত দুয়োৱে ধাৰাবাহিকতা ৰক্ষা কৰি খেলি আহিছে। যদিহে সদ্য সমাপ্ত আই পি এললৈ লক্ষ্য কৰা যায় তেন্তে দিল্লীৰ অধিনায়ক হিচাপে পন্টে মুঠ ১৩ খন মেচত গড়ে ৪০.৫৫ ৰাণেৰে ১৫৫.৪০ ষ্ট্ৰাইক ৰেটৰ সহায়ত ৪৪৬ ৰাণ সংগ্ৰহ কৰিছে।

ইয়াৰ বিপৰীতে ছেমচনে ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে ১৫ খন মেচত গড়ে ৪৮.২৭ ৰাণেৰে, ১৫৩.৪৭ ষ্ট্ৰাইক ৰেটৰ সহায়ত ৫৩১ ৰাণ সংগ্ৰহ কৰিছে । তুলনামূলকভাৱে দুয়োৰে আই পি এলত প্ৰদৰ্শন প্ৰায় একেই।

অৱশ্যে দুয়োজনৰে বেটিং ক্ৰম পৃথক। ছেমচনে ৰাজস্থানৰ হৈ ৩ নম্বৰ স্থানত বেটিং কৰিবলৈ অহাৰ বিপৰীতে পণ্টে দিল্লীৰ হৈ ৪ নং স্থানত বেটিং কৰিবলৈ আহে। কিন্তু প্ৰয়োজনত ছেমচনে ৪ নং স্থানতো বেটিং কৰিব পাৰে।

সেয়ে ভাৰতীয় দলীয় মেনেজমেণ্টে তেওঁক ৪ নম্বৰ স্থানত স্পীনাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক বেটছমেন হিচাপে ক্ৰীজলৈ প্ৰেৰণ কৰিব পাৰে। স্পীনাৰৰ বিৰুদ্ধে ছেমচনৰ ৰেকৰ্ডো ভাল।

যদিহে ভাৰতীয় দলীয় মেনজমেণ্টে এজন ফিনিছাৰ বিচাৰে তেন্তে ঋষভ পণ্টৰ ফালে লক্ষ্য কৰিব পাৰে। ফিনিচাৰ হিচাপে পণ্ট ভাৰতীয় দলটোৰ সঠিক বিকল্প। অৱশ্যে শেষ সিদ্ধান্ত ল'ব দলীয় মেনেজমেণ্টে। ইয়াত অধিনায়ক ৰোহিতৰো পচন্দৰ বিষয়টো জড়িত হৈ থাকিব।

ঋষভ পণ্ট আৰু সঞ্জু ছেমচন ভাৰতীয় ক্ৰিকেটৰ এনে দুজন উইকেট কীপাৰ বেটছমেন যে দুয়োৱেই যথেষ্ট প্ৰতিভাৱান আৰু দক্ষ। ইচ্ছা কৰিলে দুয়োকেই মূল একাদশত খেলাব পাৰি।

পণ্ট আৰু ছেমচনৰ ভিতৰত কাক দলত স্থান দিয়া উচিত সেই সন্দৰ্ভত সামাজিক মাধ্যমত চৰ্চা অব্যাহত থকাৰ সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ এক বক্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। যুৱৰাজে দুয়োৰে প্ৰসংগত কৈছে- ”পন্ট আৰু ছেমচন দুয়ো সুন্দৰ ফৰ্মত আছে। কিন্তু মই পন্টকহে প্ৰথম প্ৰাধান্য দিব বিচাৰিম।''

যুৱৰাজ সিঙে অৱশ্যে ইয়াৰ অন্তৰালৰ কাৰণো ব্যাখ্যা কৰিছে। তেওঁৰ মতে পন্টে ভাৰতীয় দলৰ বাওঁহতীয়া বিকল্প। দ্বিতীয়তে পন্টে জটিল পৰিস্থিতি মেচ জিকোৱাৰ সক্ষমতা ৰাখে। ইয়াৰ প্ৰমাণ পূৰ্বেই দি থৈছে তেওঁ।

যুৱৰাজ সিঙৰ দৰেই ভাৰতৰ আন এগৰাকী প্ৰাক্তন উইকেট কীপাৰ বেটছমেন পাৰ্থিৱ পেটেলেও পণ্ট আৰু ছেমচনৰ ভিতৰত পণ্টেকেই অগ্ৰাধিকাৰ দিছে। তেওঁৰ মতে ছেমচন শেহতীয়াকৈ সুন্দৰ ফৰ্মত আছে, তাত কাৰো সন্দেহ নাই। তাৰ পাছতো তেওঁ পণ্টকেই মূল একাদশত চাবলৈ বিচাৰে।

ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে, মূল একাদশত বাওঁহতীয়া বেটছমেনৰ প্ৰয়োজন। ভাৰতীয় মূল একাদশত বাওঁহতীয়া বেটছমেন পণ্টৰ উপস্থিতিয়ে বেটিং বৈচিত্ৰতা প্ৰদান কৰে।

এইদৰেই এতিয়া ভাৰতীয় ক্ৰিকেট দলটোৰ গুৰুত্বপূৰ্ণ অংশ উইকেট কীপাৰ বেটছমেনক লৈ চৰ্চা অব্যাহত আছে। পণ্ট আৰু ছেমচনৰ অনুৰাগীৰ মাজতো সামাজিক মাধ্যমত আৰম্ভ হৈছে বিতৰ্ক।

অৱশ্যে এনে বিতৰ্কই মূল একাদশ গঠনত যে গুৰুত্ব নাপায় সেয়া নিশ্চিত। ভাৰতীয় দলটোত পণ্ট আৰু ছেমচনৰ মাজত কাক স্থান দিব সেই বিষয়ে অধিনায়ক ৰোহিত আৰু মেনেজমেণ্টে নিশ্চিতভাৱে সঠিক সিদ্ধান্তই গ্ৰহণ কৰিব।

ক্ৰিকেট অনুৰাগীয়ে সেই সিদ্ধান্তৰ বিষয়ে জানিবলৈ বা খেল পথাৰত উইকেটৰ পাছত পণ্ট বা ছেমচনক প্ৰত্যক্ষ কৰিবলৈ ৫ জুনলৈ অপেক্ষা কৰিব লাগিব। ৫ জুনত ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে নিউয়ৰ্কত খেলিব বিশ্বকাপৰ প্ৰথমখন মেচ।

বিশ্বকাপত কোন হ'ব ভাৰতৰ উইকেট কীপাৰ বেটছমেন? পণ্ট, ছেমচনক লৈ দোমোজাত মেনেজমেণ্ট...
T-20 বিশ্বকাপৰ বাবে সাজু হওকঃ ৫, ৯, ১২ আৰু ১৫জুনত টীম ইণ্ডিয়াৰ মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in