T-20 বিশ্বকাপৰ বাবে সাজু হওকঃ ৫, ৯, ১২ আৰু ১৫জুনত টীম ইণ্ডিয়াৰ মেচ...

T-20 বিশ্বকাপৰ বাবে সাজু হওকঃ ৫, ৯, ১২ আৰু ১৫জুনত টীম ইণ্ডিয়াৰ মেচ...

ডিজিটেল ডেস্কঃ আই পি এল-২৪ সমাপ্ত হোৱাৰ পাছতে ক্ৰীড়ানুৰাগী সকল আকৌ সাজু হবৰ হল। কিয়নো ২জুনৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। বেটে-বলে পৰাক্ৰম দেখুৱাবলৈ ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল। নেৰানেপেৰা অনুশীলনৰ পাছত ২জুনত প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব কানাডা আৰু আমেৰিকা। ভাৰতীয় সময়সূচী অনুসৰি পুৱা ৬বজাতেই আৰম্ভ হ'ব এই খেলখন।

বিশ্বকাপত ভাৰতৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব ৫জুনত। ভাৰতীয় সময় অনুসৰি নিশা ৮বজাত এই মেচ টীম ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। ৯জুনত ভাৰতৰ দ্বিতীয়খন খেল হ'ব পাকিস্তানৰ বিৰুদ্ধে। নিউৰ্য়কত ভাৰতীয় সময় অনুসৰি নিশা ৮বজাত অনুষ্ঠিত হ'ব এই খেলখন।

ভাৰতৰ তৃতীয়খন খেল ১২জুনৰ নিশা ৮বজাত আমেৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব। ১৫জুনত কানাডাৰ বিৰুদ্ধে ফ্লৰিডাত খেলপথাৰত নামিব টীম ইণ্ডিয়া। এনেকৈ প্ৰায় ৪খন মেচ শক্তিশালী টীমৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। ২৯জুনত অনুষ্ঠিত হ'ব বিশ্বকাপৰ ফাইনেল মেচ।

T-20 বিশ্বকাপৰ বাবে সাজু হওকঃ ৫, ৯, ১২ আৰু ১৫জুনত টীম ইণ্ডিয়াৰ মেচ...
বগা মেকুৰী, গৰু পোৱালী আৰু হাতীঃ কি কি বস্তু দেখিলে আপোনাৰ যাত্ৰা শুভ হয়, জানেনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in