হঠাৎ সলনি হৈছে গুৱাহাটীৰ আকাশঃ আই পি এলৰ মেচৰ সময়তে আহিব পাৰে বৰষুণ...

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য- ঠায়ে ঠায়ে আহিব বৰষুণ, বিজুলী, ঢেৰেকনি
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান ৰয়েলছ বনাম পঞ্জাৱ কিংছৰ মাজৰ মেচক লৈ চিন্তিত অনুৰাগী। আজি পুৱাৰে পৰা প্ৰৱল গ্ৰীস্ম প্ৰবাহ অব্যাহত আছিল যদিও দিনৰ ঠিক আঢ়ৈ বজাৰ পৰা হঠাৎ গুৱাহাটীৰ আকাশ গোমা হৈ পৰিছে।

বতৰৰ মতিগতি ঠিক দেখা নাই ক্ৰিকেট অনুৰাগীয়ে। মেচ আৰম্ভ হোৱাৰ সময়লৈকে বতাহ-বৰষুণ অহাৰো সম্ভাৱনাই দেখা দিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত কি আছে?

১৫ মে', বুধবাৰৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ ঠায়ে ঠায়ে বৰষুণ আৰু বিজুলী, ঢেৰেকনি অহাৰ সম্ভাৱনা আছে।

সেই অনুসৰি বতৰে হঠাৎ লোৱা পৰিৱৰ্তনে এতিয়া ক্ৰিকেট অনুৰাগীসকলক চিন্তিত কৰি তুলিছে। মন কৰিবলগীয়া যে, মঙ্গলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই অৱশ্যে বৰষুণ অহাৰ সম্ভাৱণাক নস্যাত কৰি গৰমৰ প্ৰকোপ বৃদ্ধি হ'ব বুলিহে মন্তব্য কৰিছিল। একেদৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই বতৰ বিজ্ঞান কেন্দ্ৰয়ো ভুল তথ্য দিয়ে বুলি মন্তব্য কৰিছিল।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য

ৰিয়ান পৰাগক লৈ বৃদ্ধি পাইছে অসমৰ ক্ৰিকেট অনুৰাগীৰ উৎসুকতা

এইবাৰ আই পি এলত উজলি উঠিছে অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ানৰ দমনীয় প্ৰদৰ্শনে অসমৰ ক্ৰিকেট অনুৰাগীক বৰকৈ আকৰ্ষিত কৰিছে। এনে প্ৰেক্ষাপটত আজিৰ মেচখনত যথেষ্ট দৰ্শকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।

চলিত আই পি এলত ৰিয়ানে এতিয়ালৈকে মুঠ ১২ খন মেচ খেলি গড়ে ৬০.৩৮ কৈ ১৫৩.৮২ ষ্ট্ৰাইক ৰেটেৰে ৪৮৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ অৰ্জন কৰিছে ৪ টা অৰ্ধশতক। ইয়াৰোপৰি তেওঁৰ বেটৰ পৰা এই পৰ্যন্ত আহিছে ৩২ টা বাউণ্ডেৰী আৰু ৩১ টা অভাৰ বাউণ্ডেৰী। কেইবাখনো মেচত দলৰ বিপদৰ সময়ত দায়িত্বসহকাৰে ইনিংছ চম্ভালিছে ৰিয়ানে। এনে এখন গুৰুত্বপূৰ্ণ মেচতে তেওঁ খেলিছে অপৰাজিত ৮৪ ৰাণৰ ইনিংছ।

প্ৰতিনিধিত্বমূলক ফটো
গৃহ চহৰত 'ৰিয়ান', ঘৰতেই থাকিব 'পৰাগ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in