গৃহ চহৰত 'ৰিয়ান', ঘৰতেই থাকিব 'পৰাগ'...

গৃহ চহৰত 'ৰিয়ান', ঘৰতেই থাকিব 'পৰাগ'...
গৃহ চহৰত 'ৰিয়ান', ঘৰতেই থাকিব 'পৰাগ'...

পুত্ৰ ৰিয়ানৰ খেল চাবলৈ নাযায় পিতৃ পৰাগ দাস। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ১৫ আৰু ১৯ মে'ত আছে ৰাজস্থান ৰয়েলছৰ দুখনকৈ মেচ। ইয়াৰে ১৫ মে'ত পঞ্জাৱ আৰু ১৯ মে'ত কলকাতাৰ বিৰুদ্ধে খেলিব গুৰুত্বপূৰ্ণ মেচ দুখন।

এই দুয়োখন মেচৰে প্ৰতি অসমৰ ক্ৰিকেট অনুৰাগীৰ পূৰ্বৰ মেচতকৈ এইবাৰ যথেষ্ট আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। ইয়াৰ মূলতেই হৈছে ৰিয়ান পৰাগ। আই পি এলত এইবাৰ ৰিয়ান পৰাগৰ প্ৰদৰ্শন সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

ৰিয়ানে এইবাৰ এতিয়ালৈকে মুঠ ১২ খন মেচ খেলি গড়ে ৬০.৩৮ কৈ ১৫৩.৮২ ষ্ট্ৰাইক ৰেটেৰে ৪৮৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ অৰ্জন কৰিছে ৪ টা অৰ্ধশতক। ইয়াৰোপৰি তেওঁৰ বেটৰ পৰা এই পৰ্যন্ত আহিছে ৩২ টা বাউণ্ডেৰী আৰু ৩১ টা অভাৰ বাউণ্ডেৰী। কেইবাখনো মেচত দলৰ বিপদৰ সময়ত দায়িত্বসহকাৰে ইনিংছ চম্ভালিছে ৰিয়ানে। এনে এখন গুৰুত্বপূৰ্ণ মেচতে তেওঁ খেলিছে অপৰাজিত ৮৪ ৰাণৰ ইনিংছ।

চলিত আই পি এলত ৰিয়ানৰ এনে প্ৰদৰ্শন অসমৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰিছে। আই পি এলৰ প্ৰথমভাগতে বিশ্ব ক্ৰিকেটৰে 'পোষ্টাৰ বয়' হিচাপে পৰিগণিত হৈ পৰা বিৰাট কোহলিৰ পৰা অলপ সময়ৰ বাবে হলেও কাঢ়ি আনিছিল অৰেঞ্জ কেপ। বিৰাটৰ মূৰৰ পৰা ৰিয়ানৰ মূৰত দেখিবলৈ পোৱা গৈছিল অৰেঞ্জ কেপ। এতিয়াও চলিত আই পি এলৰ সৰ্বাধিক ৰাণ কৰা আনকেপড প্লেয়াৰৰ তালিকাৰ শীৰ্ষত আছে ৰিয়ান পৰাগ।

চলিত আই পি এলত ৰিয়ানৰ স্বপ্নৰ দৌৰ অব্যাহত আছে বুলি ক'লেও ভুল কোৱা নহ'ব। কিয়নো যিসকল প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞই ৰিয়ান পৰাগক যোৱা সময়ছোৱাত সমালোচনাৰে থকাসৰকা কৰিছিল সেই সকলেই এতিয়া ৰিয়ানক প্ৰশংসাৰে উপচাই পেলাইছে।

ভাৰতীয় দলত এতিয়াও আত্মপ্ৰকাশ নকৰা ৰিয়ানক টি-২০ বিশ্বকাপৰ দলতো স্থান দিবলৈ দাবী কৰিলে তেনে একাংশ প্ৰাক্তন ক্ৰিকেটাৰেই। অৱশ্যে ৰিয়ানে বিশ্বকাপৰ দলত স্থান নাপালেও বিশ্বকাপৰ পাছতেই যে ভাৰতীয় দলত স্থান লাভ কৰিব সেয়া প্ৰায় নিশ্চিত।

এতিয়া সকলো ৰিয়ানৰ পক্ষত। ৰিয়ানৰ বিফলতাত যিদৰে এইসকল প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞই সমালোচনা কৰিছিল সেইসকলেই ৰিয়ানৰ সফলতাত তেওঁক উৎসাহিত কৰিবলৈও পাহৰা নাই।

২০১৯ ৰ পৰা আই পি এল খেলিছে ৰিয়ানে। সেইবাৰ তেওঁ ৭ খন মেচ খেলি এটা অৰ্ধশতকৰ সৈতে কৰিছিল ১৬০ ৰাণ। ২০২০ ত ৰিয়ানে খেলিছিল ১২ খন মেচ। সেইবাৰ তেওঁৰ বেটৰ পৰা আহিছিল মাত্ৰ ৮৬ ৰাণ। সেইবাৰ এখন মেচত তেওঁ সৰ্বাধিক ৪২ ৰাণ কৰিছিল। গড়ে ১২.২৮ কৈ তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১১.৬৮।

২০২১ আৰু ২০২২ ছিজনো ৰিয়ানৰ বাবে ভাল নাছিল। ২১ ত ১১ খন মেচত তেওঁৰ বেটৰ পৰা গড়ে ১১.৬২ কৈ ৯৩ ৰাণহে আহে। সেইবাৰ এখন মেচত তেওঁৰ সৰ্বাধিক ৰাণ আছিল ২৫। ২০২২ ত ১৬.৬৪ গড়ে ১৭ খন মেচত ১৮৩ ৰাণ কৰে ৰিয়ানে।

বিফলতাৰ এই ধাৰাবাহিকতা অব্যাহত থাকে ২০২৩ তো। সেইবাৰ তেওঁ মুঠ ৭ খন মেচ খেলি গড়ে ১৩ ৰাণকৈ ৭৮ ৰাণ সংগ্ৰহ কৰে। সেইবাৰ ৰিয়ানৰ বেটৰ পৰা এটা ইনিংছত সৰ্বাধিক ২০ ৰাণহে আহে।

২০২৩ লৈকে ৰিয়ানৰ আই পি এলৰ প্ৰদৰ্শন আছিল এয়া। এনে ধাৰাবাহিক ব্যৰ্থতাই স্বাভাৱিকতে ৰিয়ানক দলত স্থান দিয়াক লৈ ৰাজস্থান ৰয়েলছ সমালোচনাৰ সন্মুখীন হৈছিল। সংবাদ মাধ্যমত, ক্ৰিকেট শ্ব'ত প্ৰাক্তন ক্ৰিকেটাৰ, বিশেষজ্ঞ আদিৰ বাবে ৰিয়ান হৈ পৰিছিল মাত্ৰ এটা নচলা মুদ্ৰা।

আই পি এলৰ বিশ্বজুৰি জনপ্ৰিয়তাই ভাৰতৰ ঘৰুৱা ক্ৰিকেটক প্ৰায় গুৰুত্বহীনেই কৰিলে। আই পি এলৰ খবৰ ৰখা বহুতেই নাৰাখে ঘৰুৱা ক্ৰিকেটৰ খবৰ। অথচ এতিয়াও ভাৰতীয় দল গঠনত ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনক গুৰুত্বসহকাৰে লোৱা হয়।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ব্যৰ্থ হ'লেই তাৰকা ক্ৰিকেটাৰক দেখুৱাই দিয়া হয় ঘৰুৱা ক্ৰিকেটৰ দুৱাৰ। শ্ৰেয়াস আয়াৰ আৰু ঈশান কিষাণৰ সৈতে যি হ'ল সেয়া সকলোৱে দেখিছে।

২০২৩ ৰ এদিনীয়া বিশ্বকাপত শ্ৰেয়াস আয়াৰৰ প্ৰদৰ্শন যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। দলে দিয়া দায়িত্ব সঠিকভাৱেই পালন কৰিছিল আয়াৰে। বিশ্বকাপৰ শেষলৈকে কোনেও কল্পনা কৰা নাছিল এইগৰাকী আয়াৰক বি চি চি আইয়ে চেণ্ট্ৰল কণট্ৰেক্টৰ পৰাও বাদ দিব।

কিন্তু সেয়াই হ'ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক, দ্বিশতক অৰ্জন কৰা ঈশান কিষাণৰো একেই দশা। আই পি এলত ব্যৰ্থ হোৱা ৰিয়ানে কিন্তু ঘৰুৱা ক্ৰিকেটত ঠিকেই খেলি আহিছিল।

যোৱা ছিজনত দেওধৰ ট্ৰফীত ৫০ অভাৰৰ খেলত ৰিয়ানে গড়ে ৮৮.৫০ ৰাণকৈ মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰিছে। ছৈয়দ মুস্তাক আলী টি-২০ত ১০ খন মেচত গড় ৮৫ আৰু ১৮২ ষ্ট্ৰাইক ৰেটৰ সৈতে মুঠ ৫১০ ৰাণ সংগ্ৰহ কৰিছিল। ৰিয়ানে ধাৰাবাহিকভাৱে ৬ টা অৰ্ধশতক অৰ্জন কৰিও গঢ়িছিল ৰেকৰ্ড।

কিন্তু আই পি এলৰ সময়ত আত্মপ্ৰকাশ ঘটা তথাকথিত ক্ৰিকেট বিশেষজ্ঞই ৰাখে জানো এই খবৰ? এইসকল ক্ৰিকেট বিশেষজ্ঞই ঘৰুৱা ক্ৰিকেটৰ এই খবৰ নাৰাখিলেও ৰাখে ইৰফান পাঠান, সুৰেশ ৰাইনাৰ দৰে প্ৰাক্তন ক্ৰিকেত খেলুৱৈয়ে।

এই দুই ক্ৰিকেটাৰে আই পি এলৰ আৰম্ভণিৰ পূৰ্বেই ৰিয়ান প্ৰসংগত কৰিছিল যোগাত্মক মন্তব্য। তেওঁলোকে চলিত আই পি এলতে ৰিয়ানে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব বুলি ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ষ্টুডিঅ'ত বহি স্পষ্টকৈ কৈছিল এই কথা।

পাঠান, ৰাইনাৰ সেই বিশ্বাসৰ মান ৰাখিলে ৰিয়ানে। দেখুৱাই দিলে তেওঁ স্বদক্ষতাৰ বলতহে ৰাজস্থান ৰয়েলছত আছে। ৰিয়ানৰ ওপৰত ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্ট, প্ৰশিক্ষকসকলেও ৰিয়ানৰ ওপৰত দীৰ্ঘদিন ধৰি যি বিশ্বাস ৰাখিছিল সেই বিশ্বাসকো অথলে যাব নিদিলে ৰিয়ানে।

ৰিয়ানৰ এনে উত্থান এতিয়া কেৱল অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবেই নহয়, দেশৰ ক্ৰিকেট ক্ষেত্ৰখনৰ বাবেই এক উদাহৰণ হৈ পৰিছে। সমালোচকক প্ৰত্যুত্তৰ কিদৰে দিব লাগে সেয়া ৰিয়ানৰ পৰা শিকিবলৈ কৈছে ভিন্নজনে।

নিজকে কিদৰে সলনি কৰিব লাগে সেয়া ৰিয়ানৰ পৰা শিকিবলৈ পৰামৰ্শ দিছে। নিদিবই বা কিয়? ৰিয়ানে যিদৰে নিজকে সলনি কৰিছে তেনেকৈ আৰু কিমানে নিজক সলনি কৰিব পাৰিছে? এই ক্ষেত্ৰত ৰিয়ান নিশ্চয়কৈ এক আদৰ্শ হ'ব পাৰে।

১৫ মে'ত ৰিয়ানে গুৱাহাটীত পঞ্জাৱৰ বিৰুদ্ধে খেলিব। ১৯ মে'ত কলকাতাৰ বিৰুদ্ধে। ইয়াৰে যিকোনো এখন মেচত ৰিয়ানৰ বেটৰ পৰা শতক আশা কৰিছে অসমৰ ক্ৰিকেট অনুৰাগীয়ে। ৰিয়ানে নোৱাৰা নহয়।

তেওঁ এতিয়া যি ছন্দত আছে সেই ছন্দত এয়া সম্ভৱ। ৰিয়ানৰ শ্বট নিৰ্বাচন, ৰিয়ানৰ দুৰ্বলতা বা ৰিয়ানৰ শক্তি কিমান সেয়া তেওঁৰ পিতৃ পৰাগ দাসে ভালকৈ জানে। ৰিয়ানক তেওঁ সকলো সময়তে নিৰীক্ষণ কৰে। ৰিয়ানৰ বাবে এয়াও এক প্লাছ পইণ্ট।

প্ৰশিক্ষকৰ উপৰিও ৰিয়ানক সকলো সময়তে 'গাইড' কৰে তেওঁৰ পিতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাসে। ৰিয়ানৰ প্ৰতিখন মেচতে তেওঁ ক'ত ভুল কৰিছে, কিদৰে আউট হৈছে, ক'ত শ্বট নিৰ্বাচনত ভুল কৰিছে সেই সকলোবোৰ নিৰীক্ষণ কৰি আলোচনা কৰে। দুয়োৰে এনে আলোচনাই নিশ্চয়কৈ ৰিয়ানক যথেষ্ট সহায় কৰিছে।

ৰিয়ানক সঠিক বাট দেখুৱাবলৈয়ে পিতৃ পৰাগ দাসে অকলেই বহে টিভিৰ সন্মুখত। ষ্টেডিয়ামত গৈ খেল চালে এইবোৰ নিৰীক্ষণ কৰা তেওঁৰ বাবে সম্ভৱ নহয়। সেয়ে অহা ১৫ মে' আৰু ১৯ মে'ত পৰাগ দাস নাযায় বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ।

ষ্টেডিয়ামৰ গেলাৰীত বহি একমাত্ৰ পুত্ৰ ৰিয়ানৰ খেল নাচায় তেওঁ। অৱশ্যে গেলাৰীত থাকিব ৰিয়ানৰ মাতৃ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ মিথু বৰুৱা। ইয়াৰ বিপৰীতে ঘৰতেই অকলে টিভিৰ সন্মুখত বহিয়েই পুত্ৰ ৰিয়ানৰ খেল চাব পৰাগ দাসে। নিৰীক্ষণ কৰিব পুত্ৰৰ সকলো দিশ। তাৰ পিছত দুয়োৰে মাজত হ'ব আলোচনা। এই আলোচনাই ৰিয়ানক দেখুৱাব আন এক নতুন বাট। লৈ যাব আন এক সফলতাৰ দিশত। এগৰাকী পিতৃ হিচাপে পৰাগ দাসে ইয়াতকৈ বেছি আৰু কি কৰিব পাৰে?

গৃহ চহৰত 'ৰিয়ান', ঘৰতেই থাকিব 'পৰাগ'...
আভা বিলাই গুচি গ’ল বিৰুৱালা ৰাভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in