/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a6a896b2-79bc-45bf-834f-a5ccf1666273/conclave_web_format_AP_biren.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। দ্বিতীয় দিনাৰ দ্বিতীয় কাৰ্যসূচীৰ বিষয়-বস্তু- ‘উত্তৰ-পূৱ ভাৰতৰ ক্রীড়া সম্ভাৱনা’ । এই আলোচনাত অংশ লয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অভিজিৎ ভট্টাচাৰ্য, আস্থা চৌধুৰী আৰু প্রীতি দহিয়াই।
লাভলীনা বৰগোহাঁইৰ প্ৰসংগৰে আৰম্ভ হোৱা এই আলোচনাত টকিঅ ছীফ দ্যা মিছন , তথা ক্ৰীড়া সংগঠক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, এদিন লাভলিনা অলিম্পিকত ভাৰতীয় ক্ৰীড়া দলৰ পতাকাবাহক হ'ব। অলিম্পিক, এছিয়ান আৰু কমনৱেলথ গেমছত উত্তৰ-পূবৰ খেলুৱৈসকলৰ এক নতুন আধিপত্য দেখা গৈছে। সেয়া আমাৰ আটাইতকৈ ডাঙৰ সাফল্য।
এজন প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ কেপ্টেইন আৰু এজন ৰাষ্ট্ৰীয় সাঁতোৰবিদক দিল্লীত একে সময়তে একে পৰ্যায়তে উপস্থাপন কৰাতো আমাৰ বাবে ডাঙৰ কথা । এয়াই প্ৰমাণ কৰে যে অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিস্থিতিত এক শক্তিশালী ভূমিকা পালন কৰিছে।
ক্ৰীড়া সংগঠক এজনৰ দায়িত্ব বুলি ক'লে মই ভাৱো তেওঁ সংগঠনটো শক্তিশালী কৰাৰ লগতে কেনেকৈ এজন খেলুৱৈ তুলি আনিব পাৰি আৰু প্ৰথম দিনাৰ পৰাই কেনেকৈ খেলুৱৈগৰাকীক ক্ৰীড়া সংগঠক গৰাকীয়ে কমনৱেলথ গেমছ, এছিয়ান গেমছ ,অলিম্পিক মেডেললৈ লৈ যাব পাৰে তাৰ চেষ্টা কৰিব লাগে।
আমি ভাৱো কেনেকৈ অসমৰ এজন খেলুৱৈ অলিম্পিক মেডেল লাভ কৰিব। আমি ভাৱো কিবাকৈ কমনৱেলথ লাভ কৰিব।কিন্তু এয়া সত্য নহয়। এতিয়া অসম তথা উত্তৰ-পূৱৰ খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰিছে। খেলুৱৈ আৰু আয়োজকসকলৰ নাম গুৰুত্বপূৰ্ণ নহয় কিন্তু প্ৰশিক্ষণ, তেওঁলোকক পৃষ্ঠপোষকতা কৰা আৰু তেওঁলোকৰ কেৰিয়াৰৰ বাবে তৈয়াৰ কৰাতো গুৰুত্বপূৰ্ণ।
Also Read: কনক্লেভৰ মজিয়াৰ পৰাই ৰাহুল গান্ধীয়ে স্পষ্ট কৰিলে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতাৰ কথা