কনক্লেভৰ মজিয়াৰ পৰাই ৰাহুল গান্ধীয়ে স্পষ্ট কৰিলে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতাৰ কথা

দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩

author-image
Asomiya Pratidin
New Update
কনক্লেভৰ মজিয়াৰ পৰাই ৰাহুল গান্ধীয়ে স্পষ্ট কৰিলে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতাৰ কথা

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী।

Advertisment

এই অনুষ্ঠানটোৰ আঁত ধৰে  'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সঞ্চালক ঋষি বৰুৱাই। লাডাখৰ বাইক ৰাইডৰ কথাৰে আৰম্ভ হোৱা এই সাক্ষাৎকাৰত পৰ্যায়ক্ৰমে ভাৰত জোড়ো যাত্ৰা, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভূমিকা, কেইবাখনো ৰাজ্যৰ নিৰ্বাচন, জাতিগত পিয়ল, নাৰী সুৰক্ষা বিল, ২০২৪ ৰ লোকসভা নিৰ্বাচন, মণিপুৰকে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

কনক্লেভৰ মজিয়াৰ পৰাই ৰাহুল গান্ধীয়ে এআইইউডিফৰ সৈতে মিত্ৰতাৰ কথা স্পষ্ট কৰে। তেওঁ কয় যে, এআইইউডিএফৰ লগত মিত্ৰতা কৰাৰ প্ৰশ্ন হ'ব নোৱাৰে। কোনো পধ্যেই এআইইউডিএফৰ লগত মিত্ৰতা নহয়। উল্লেখ্য যে, কংগ্ৰেছ- এআইইউডিএফৰ মিত্ৰতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। তাৰ মাজতে আজি কংগ্ৰেছ নেতাগৰাকীয়ে এই কথা স্পষ্ট কৰে।

আজিৰ এই আলোচনাত আগন্তুক নিৰ্বাচন সম্পৰ্কেও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয় যে, তেলেংগনাত কংগ্ৰেছ জয়ী হ'ব। ইতিমধ্যে বিধ্বস্ত হৈছে বিজেপি। মধ্য প্ৰদেশ, ছট্টীশগড়. ৰাজস্থান আদিতো কংগ্ৰেছে নিশ্চিতভাৱে জয়লাভ কৰিব। গান্ধীয়ে কয়, "আমি কৰ্ণাটকত এটা অতি গুৰুত্বপূৰ্ণ পাঠ শিকিছিলো। আমি শিকিছিলো যে বিজেপিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু আমাক আমাৰ কথা বৰ্ণনা কৰিবলৈ সুযোগ নিদিয়ে। আগন্তুত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ'ব বুলি কয় তেওঁ।

Also Read: বটদ্ৰৱা থানৰ পৰা ৮ কিলমিটাৰ ব্যসাৰ্দ্ধৰ ভূমি থলুৱা লোকৰ বাদে অন্যই কিনিব নোৱাৰিবঃ হিমন্ত বিশ্ব

rahul gandhi