/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/03c3f836-6029-4a75-86c1-5cbeed7dab7f/AP_FOR_WEB_MSD.jpg)
ধোনিৰ অৱসৰক লৈ ইমান প্ৰশ্ন কিয় ?
ডিজিটেল ডেস্কঃ 'ধোনিৰ অৱসৰৰ সিদ্ধান্ত ধোনিয়ে নিজেই ল’ব। অযথা ইমান প্ৰশ্ন কিয়?'- চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ অৱসৰৰ প্ৰসংগত এইদৰে মন্তব্য কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে।
উল্লেখ্য যে, লক্ষ্ণৌৰ বিপক্ষে অনুষ্ঠিত হোৱা মেচৰ টছৰ পিছতে ধোনিক তেওঁৰ অৱসৰৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। তাৰ পাছৰ পৰাই পুনৰ ধোনিৰ অৱসৰৰ বিষয়টোৱে সৰৱ চৰ্চা লাভ কৰিছে।
একাংশ সংবাদ মাধ্যম, ক্ৰিকেট বিশেষজ্ঞ আৰু অনুৰাগীয়ে ধাৰণা কৰি লৈছে আই পি এলৰ ২০২৩ ছিজনেই মহেন্দ্ৰ সিং ধোনিৰ শেষ আই পি এল। সেয়ে তেওঁক চেন্নাইৰ প্ৰতিখন মেচতে খেলপথাৰত দেখা গৈছে।
কিন্তু তাৰ বিপৰীতে ধোনিয়ে অৱসৰ লোৱাৰ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বা এই বিষয়ে কোনো ইংগিত দিয়া নাই। বৰঞ্চ ধোনিক দেখি এনেকুৱা লাগিছে যেন আই পি এলৰ পৰৱৰ্তী ছিজনটো চেন্নাই চুপাৰ কিংছক নেতৃত্ব দিব ধোনিয়ে।
ধোনিয়ে এতিয়াও ধৰি ৰাখিছে তেওঁৰ ফিটনেছ। কেইবাখনো মেচৰ অন্তিম অভাৰত খেলপথাৰলৈ আহি ধোনিয়ে কোবাইছে কেইবাটাও ছিক্সাৰ। ধোনিৰ এনে ফৰ্ম অব্যাহত থকাৰ পাছতো তেওঁৰ অৱসৰৰ বিষয়টোক লৈ বাৰে বাৰে চৰ্চা হৈ থকা বিষয়টোক লৈ সন্তুষ্ট নহয় ধোনিৰ একালৰ সতীৰ্থ বীৰেন্দ্ৰ সেহৱাগ।
বুধবাৰে লক্ষ্ণৌৰে হোৱা মেচখনৰ টছৰ সময়ত ডেনি মৰিসনে ধোনিক এনে এক প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত ধোনিয়েও ক’লে- আপুনিহে সিদ্ধান্ত লৈছে এয়া মোৰ শেষ আই পি এল। সেয়ে সেহৱাগে ধোনিৰ অৱসৰৰ বিষয়টোক লৈ চলি থকা এই চৰ্চাত ক্ষোভিত হৈ পৰিছে।
সেহৱাগৰ মতে যদিহে ধোনিৰ এয়াই শেষ আই পি এল তথাপিও ইমান প্ৰশ্ন কৰি থকাৰ কাৰণ কি? এয়া ধোনিৰ নিজা সিদ্ধান্ত। ধোনিৰ ওপৰতেই এৰি দিয়ক। ধোনিয়ে জানে তেওঁ কেতিয়া কি সিদ্ধান্ত ল”ব লাগে।
Also Read: ভয়াবহ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা...