আই পি এল আৰু আই চি চি টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? ক'লে বিৰাট কোহলিয়ে...

আই পি এলত পোৱা সুযোগ আই চি চি টুৰ্ণামেণ্টত নাথাকে- বিৰাট
আই পি এল আৰু আই চি চি টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? ক'লে বিৰাট কোহলিয়ে...
আই পি এল আৰু আই চি চি টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? ক'লে বিৰাট কোহলিয়ে...

ডিজিটেল ডেস্কঃ আই পি এল আৰু আই চি চিৰ টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? সাধাৰণ ক্ৰিকেট অনুৰাগীয়ে বিভিন্ন ধৰণে এই প্ৰশ্নৰ উত্তৰ দিব যদিও বিৰাট কোহলিয়ে যি উত্তৰ দিলে সেই উত্তৰত সকলো সন্তুষ্ট হৈছে।

আই পি এলত বিৰাট কোহলিৰ প্ৰদৰ্শন ঈৰ্ষণীয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ একালৰ অধিনায়ক তথা পোষ্টাৰ বয় বিৰাট কোহলিৰ বাবেই বাৰে বাৰে ব্যৰ্থতাৰ পাছতো আৰ চি বিৰ অনুৰাগীৰ সংখ্যা হ্ৰাস পোৱা নাই।

কেৱল সেয়াই নহয় বিশ্বজুৰি ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আছে বিৰাটৰ অৱদান। বিৰাট কোহলিৰ জনপ্ৰিয়তাই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীক অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰিবলৈ চিন্তা কৰিবলৈ বাধ্য কৰিছিল।

সেই চিন্তাৰ ফচল হিচাপেই অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হোৱাৰ দিশে। ভাৰতক প্ৰতিনিধিত্ব কৰি আই চি চিৰ সকলো টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা বিৰাটে আই চি চি আৰু আই পি এলৰ মাজত যি প্ৰাৰ্থক্য দেখা পাইছে সেই প্ৰাৰ্থক্যত অৱশ্যে বহু যোগাত্মক দিশ উন্মোচিত হৈছে।

বিৰাটৰ মতে আই পি এলত ক্ৰিকেটাৰসকলে পৰস্পৰে পৰস্পৰৰ সৈতে, নিজৰ সমৰ্থকৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিব পাৰে। আই চি চিৰ টুৰ্ণামেণ্টত সেই সুযোগ নাথাকে।

আই পি এল সম্প্ৰচাৰ হোৱা এক টেলিভিচন চেনেলৰ সাক্ষাৎকাৰত কোহলিয়ে কয়, আই পি এল মোৰ খুব ভাল লাগে। ইয়াত বন্ধুত্ব তৈয়াৰ হয়। যিদৰে অনেক নতুন ক্ৰিকেটাৰৰ সৈতে কথা বাৰ্তা হয়। অনেক দিন একেলগে খেলা বিদেশী ক্ৰিকেটাৰৰ সৈতে বুজাপৰা বৃদ্ধি হয়। আন ক'তো এই পৰিৱেশ পোৱা নাযায়। আই পি এল সকলোৱে ভাল পোৱাৰ এয়া এক ডাঙৰ কাৰণ। আই পি এলৰ জৰিয়তে ক্ৰিকেটাৰৰ নিজৰ মাজত আৰু সমৰ্থকসকলৰ মাজত এক সম্পৰ্ক গঢ়ি উঠিছে।

তেওঁৰ মতে, আই চি চি প্ৰতিযোগিতা খেলিলে বিদেশৰ ক্ৰিকেটাৰৰ সৈতে সেইদৰে সাক্ষাৎ বা কথা পতাৰ সুযোগ নাথাকে। ইয়াতেই আই পি এল ব্যতিক্ৰম। তেওঁ কয়, আন প্ৰতিযোগিতাত এখন দেশে আন এখন দেশেৰ সৈতে খেলে। আই চি চিৰ প্ৰতিযোগিতা আহে আৰু যায়। তাত আন দেশৰ ক্ৰিকেটাৰৰ সৈতে কথা পতাৰ বেছি সুযোগ নাথাকে। কিন্তু আই পি এলত বিদেশৰ ক্ৰিকেটাৰৰ সৈতে দুই, তিনিদিনৰ অন্তৰে অন্তৰে দেখা হয়। এয়াই আই পি এলৰ সৌন্দৰ্য। বেলেগ পৰিৱেশ, বেলেগ চহৰ, বেলগ দলৰ বিৰুদ্ধে খেল। প্ৰত্যকৰে লক্ষ্য বেলেগ।অনেক স্মৰণীয় মুহূৰ্ত তৈয়াৰ হয় ইয়াত।

আই পি এল আৰু আই চি চি টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? ক'লে বিৰাট কোহলিয়ে...
পানী বিচাৰি হাহাকাৰঃ এক বাল্টিৰ দাম হৈছেগৈ দুই হাজাৰ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in