পানী বিচাৰি হাহাকাৰঃ এক বাল্টিৰ দাম হৈছেগৈ দুই হাজাৰ টকা...

টেক-চিটিত পানীৰ বাবে হাহাকাৰ
পানী বিচাৰি হাহাকাৰঃ এক বাল্টিৰ দাম হৈছেগৈ দুই হাজাৰ টকা...
পানী বিচাৰি হাহাকাৰঃ এক বাল্টিৰ দাম হৈছেগৈ দুই হাজাৰ টকা...

ডিজিটেল ডেস্কঃ ভয়াৱহ জল সংকটৰ সন্মুখীন দেশৰ টেক-চিটি হিচাপে পৰিচিত বেংগালুৰু। পানীৰ বাবে ব্যক্তিগত পানী টেংকীৰ সন্মুখত দেখা গৈছে মানুহৰ দীঘল দীঘল শাৰী।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এক বাল্টি পানী ক্ৰয় কৰিবলৈ চহৰখনৰ একাধিক অঞ্চলত এক হাজাৰৰ পৰা দুই হাজাৰ টকা পৰ্যন্ত ভৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত পানীৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ বেংগালুৰু প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা। গ্ৰহণ কৰিছে কঠোৰ স্থিতি।

সেই অনুসৰি চহৰখনত এতিয়া গাড়ী ধোৱাৰ বাবে কোনেও পানী ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ধৰণৰ নিৰ্মাণকাৰ্য, বিনোদন সংক্ৰান্তিয় কাম, বাগান পৰিচৰ্যা আদিত ব্যৱহাৰ কৰিব নোৱাৰিব পানী।

ফলত চহৰখনত নিৰ্মাণ কাৰ্যসমূহো স্তব্ধ হৈ পৰিছে। প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে যাতে কোনো কাৰণতে পানীৰ অপচয় নহয়। এই নিষেধাজ্ঞা অমান্য কৰিলে ভৰিব লাগিব জৰিমণা।

কৰ্ণাটক ৱাটাৰ চাপ্লাই বোৰ্ডে এনে নিষেধাজ্ঞা অমান্য কৰিলে ৫ হাজাৰ টকা জৰিমণা নিৰ্ধাৰণ কৰিছে। একাধিকবাৰ এই নিৰ্দেশনা অমান্য কৰিলে প্ৰতিবাৰেই অতিৰিক্তভাৱে ৫০০ টকাকৈ ভৰিব লাগিব।

উল্লেখ্য বেংগালুৰু চহৰৰ জনসংখ্যা ১ কোটি ৩০ লাখৰো অধিক। ইয়াত দৈনিক ২৬০ কোটিৰ পৰা ২৮০ কোটি লিটাৰ পানীৰ প্ৰয়োজন হয়। বৰ্তমানৰ পৰিস্থিতিত চহৰখনত অন্তত প্ৰতিদিনে ১৫০ কোটি লিটাৰ পানীৰ নাটনি হৈছে।

চহৰখনৰ বিভিন্ন এলেকাৰ সাধাৰণ বাসিন্দাসকলে দাবী কৰিছে পানীৰ টেংকাৰ আহিলেই সেই টেংকাৰৰ ওপৰত জপিয়াই পৰে মানুহবোৰ। বহুতেই পানীৰ গাড়ী অহাৰ খবৰ পোৱাৰ আগতেই পানী শেষ হৈ যায়।

পানী ল'বলৈ শাৰী পতা মানুহবোৰৰ শেষৰ ফালে থকাবোৰেও পানী নোলোৱাকৈয়ে উভতিবলগীয়া হৈছে। আটাইতকৈ সমস্যাৰ সন্মুখীন হৈছে জ্যেষ্ঠ নাগৰিকসকল।

যোৱা ৩ মাহ ধৰি পানীৰ সমস্যাত ভূগি আহিছে এই চহৰখন। বিগত কেইটামান দিনত এই সমস্যাই ভয়াৱহ ৰূপ ধাৰন কৰিছে। যদিও প্ৰশাসনে পাৰ্যমানে পদক্ষেপ গ্ৰহণ কৰিছে তথাপিও হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।

পানী বিচাৰি হাহাকাৰঃ এক বাল্টিৰ দাম হৈছেগৈ দুই হাজাৰ টকা...
জীৱনত ৰাজনীতি নকৰোঃ টিকট নাপাই ৰামেশ্বৰ তেলীৰ মনৰ দুখ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in