বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পূৰ্বে আঘাতপ্ৰাতপ্ত কোহলি

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পূৰ্বে আঘাতপ্ৰাতপ্ত কোহলি

ডিজিটেল ডেস্ক : সন্মুখত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ফৰ্মলৈ উভতি আহিছে কোহলি । আই পি এলৰ অন্তিম মেচকেইখনত বিস্ফোৰক প্ৰদৰ্শন দাঙি ধৰা বিৰাট কোহলিৰ শেহতীয়াকৈ প্ৰতিটো শ্বটেই আছিল ধ্ৰুপদী । খেলুৱৈগৰাকীয়ে নিজেও স্বীকাৰ কৰিছিল এইয়া টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰস্তুতি । এনে ধৰণৰ শ্বটেই চেম্পিয়নশ্বিপত খেলুৱৈগৰাকীক সহায় কৰিব বুলি আশাবাদী কোহলি । কিন্তু তাৰ মাজতেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অন্তিমখন মেচত দেখা গ'ল এক উদ্বেগসৃষ্ট অৱস্থাৰ ।

গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱা খেলুৱৈগৰাকীয়ে পঞ্চদশ অ'ভাৰত বিজয় শংকৰৰ কেচ আয়ত্ত কৰিবলৈ গৈ আঁঠুত আঘাত পাই বিৰাট কোহলিয়ে । কিছু সময় পিছতে দলীয় ফিজিঅ'ৰ সৈতে খেলপথাৰ ত্যাগ কৰে খেলুৱৈগৰাকীয়ে । যাৰ ফলত ক্ৰীড়াপ্ৰেমীসকলৰ লগতে দুচিন্তা হৈ পৰিছে ৰোহিত শৰ্মা, ৰাহুল দ্ৰাবিড়ৰো ।

অৱশ্যে এই আঘাত গুৰুতৰ নহয় বুলি জনাইছে আৰ চি বিৰ প্ৰশিক্ষক সঞ্জয় বাংগাৰে । আনহাতে, টেষ্ট চেম্পিয়নশ্বিপলৈ সময় আছে মাজত দুটাকৈ সপ্তাহ । এই সময়ছোৱাতে কোহলি সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰিব বুলি আশাবাদী সকলো ক্ৰীড়াপ্ৰেমী । অন্যথা ভাৰতে এই আঘাতৰ বাবে গুৰুতৰ সমস্যাৰ সন্মুখীন যে হ'ব সেইয়া খাট‍াং ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পূৰ্বে আঘাতপ্ৰাতপ্ত কোহলি
সাত বছৰ বয়সতে হৃদৰোগ, তাৰ পাছত স্নায়ুৰোগ : তীব্ৰ প্ৰত্যাহ্বান নেওচি সফলতাৰে উত্তীৰ্ণ এইগৰাকী কিশোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in