সাত বছৰ বয়সতে হৃদৰোগ, তাৰ পাছত স্নায়ুৰোগ : তীব্ৰ প্ৰত্যাহ্বান নেওচি সফলতাৰে উত্তীৰ্ণ এইগৰাকী কিশোৰ

সাত বছৰ বয়সতে হৃদৰোগ, তাৰ পাছত স্নায়ুৰোগ : তীব্ৰ প্ৰত্যাহ্বান নেওচি সফলতাৰে উত্তীৰ্ণ এইগৰাকী কিশোৰ

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ এজন কিশোৰ । নাম শংকৰ বৰুৱা । সাত বছৰ বয়সতেই হৃদৰোগত আক্ৰান্ত হৈছিল শংকৰ । সময়ৰ সৈতেই আন অনুসংগিক বেমাৰেও দেখা দিলে শংকৰৰ গাত । হৃদৰোগৰ পাছত আক্ৰান্ত হ'ল স্নায়ুৰোগতো । যাৰ ফলত নিশাৰ পাছত নিশা উজাগৰে কটাব লগীয়া পৰিস্থিত আহি পৰিছিল শংকৰৰ জীৱনলৈ ।

তীব্ৰ শাৰীৰিক যন্ত্ৰণাৰ মাজত হয়তো কেতিয়াবা আধাঘন্টা, কেতিয়াবা এঘন্টাহে পঢ়িবলৈ সুযোগ লাভ কৰে শংকৰে । আন সময়খিনি বেমাৰৰ সৈতে যুঁজি ভাগৰুৱা হৈ পৰে কিশোৰ শংকৰ । এনে চৰম প্ৰত্যাহ্বানে এসময়ত মানসিকভাৱে প্ৰায় ভাঙি পেলাইছিল শংকৰক । কিন্তু শংকৰে অধ্যয়ণ কৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ একান্ত প্ৰচেষ্টা আৰু পিতৃ-মাতৃৰ কষ্টৰ ফলতেই শংকৰে সফলতাৰে উত্তীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । দৈনিক চাইকেলেৰে প্ৰায় ৫ কিলোমিটাৰৰো অধিক পথ শংকৰক বিদ্যালয়লৈ অনা-নিয়া কৰা পিতৃ শংকৰৰ এই সফলতাত এতিয়া নথৈ আনন্দিত ।

সাত বছৰ বয়সতে হৃদৰোগ, তাৰ পাছত স্নায়ুৰোগ : তীব্ৰ প্ৰত্যাহ্বান নেওচি সফলতাৰে উত্তীৰ্ণ এইগৰাকী কিশোৰ
পাকিস্তানৰ পৰা ভাৰতলৈ ড্ৰ'ণেৰে সৰবৰাহ হয় ড্ৰাগছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in