/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e2c9486d-4e2f-4290-bb2e-952e665736bf/AP_FOR_WEB_ipl_fight.jpg)
বিৰাটে পাহৰিলে নিজেই কোৱা কথা ! খেল পথাৰত মাজত হৈ পৰিল উদণ্ড...
ডিজিটেল ডেস্কঃ সম্ভৱতঃ বিৰাট কোহলিয়েই সেইগৰাকী ক্ৰিকেটাৰ যিগৰাকীয়ে স্পষ্টকৈ কৈছিল, আই পি এলত আমি যি ফ্ৰেঞ্চাইজিৰ হৈয়ে নেখেলো কিয়, পাহৰিব যাব নালাগিব আমি যে একেলগে দেশৰ বাবে খেলো। সেই বিৰাটো কোহলিয়েই এতিয়া সতীৰ্থ আৰু জ্যেষ্ঠ ক্ৰিকেটাৰৰ সৈতে খেলপথাৰত দৃষ্টিকটু ভাৱে কাজিয়াত লিপ্ত হোৱা দেখি সমগ্ৰ ক্ৰিকেট বিশ্বত উঠিছে সমালোচনাৰ জোৱাৰ।
ক্ৰিকেট বিশ্বত লিজেণ্ড হিচাপে আখ্যা পোৱা বিৰাট কোহলি ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ এজন অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰ হোৱাৰ লগতে শচীন তেণ্ডুলকাৰৰ যোগ্য উত্তৰাধিকাৰী হিচাপেও তেওঁক বহুতেই গ্ৰহণ কৰিছে।
সাধাৰণ জনতাৰ কথা বাদেই, ক্ৰিকেট বিশ্বত দপদপাই থকা বহু ক্ৰিকেটাৰৰ আজিৰ তাৰিখত বিৰাট কোহলি হৈ পৰিছে আইডল। সেই বিৰাট কোহলিৰ সোমবাৰৰ খেল পথাৰৰ আচৰণ এতিয়া সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।
People Telling Gambhir Started all this
1. Virat Kohli Started Abusing Naveen & Senior Team India Player Amit Mishra onField
2. While Shaking Hands Once Again Kohli Misbehaved with Naveen
3. So GG have Authority to Intervene in this Things when his Players Are Not Treated Well pic.twitter.com/l86r0CqJSl— ash (@ashMSDIAN7) May 1, 2023
এল এছ জিৰ বিৰুদ্ধে খেলা এই ল'স্কৰৰ মেচখন উত্তেজনাপূৰ্ণ নাছিল যদিও দ্বিতীয় ইনিংছত এল এছ জিৰ প্ৰতিটো উইকেট পতনৰ সময়ত বিৰাট কোহলি হৈ পৰিছিল আক্ৰমণাত্মক। এল ছ জিৰ এজন, দুজন নহয় ৩ জন খেলুৱৈ আৰু দলটোৰ মেণ্টৰ গৌতম গম্ভীৰৰ সৈতে মুঠ ৪ জনৰ সৈতে বিৰাট কোহলি লিপ্ত হৈছিল কাজিয়াত।
একালৰ সতীৰ্থ অমিত মিশ্ৰ, আফগানিস্তানৰ খেলুৱৈ নবীন ঊল হক, কাৰ্লছ মেয়াৰ আৰু পিছত গৌতম গম্ভীৰৰ সৈতে বিৰাটৰ এই কাজিয়াৰ প্ৰতিটো মুহূৰ্তত দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল।
মেচখনৰ দ্বিতীয় ইনিংছত বিৰাট কোহলিয়ে প্ৰতিটো উইকেটৰ পিছত বিজয় উদযাপন কৰাৰ মাজতে একালৰ সতীৰ্থ তথা এতিয়াৰ এল এছ জিৰ অমিত মিশ্ৰৰ সৈতে আৰম্ভ হৈছিল সংঘাত। দুয়োৰ মাজত প্ৰথমে কথাৰ কটাকটি হোৱাৰ পাছত ফিল্ড আম্পায়াৰে হস্তক্ষেপ কৰিছিল। আম্পায়াৰৰ হস্তক্ষেপৰ পাছতে অমিত মিশ্ৰ মনে মনে আছিল যদিও বিৰাট কোহলি শান্ত হোৱা নাছিল।
Virat thought he can bully Naveen-ul-haq but my boy replied him in his own way, well shut naveen. #LSGvsRCB #RCBvLSG pic.twitter.com/gCy2WofXsi
— Taif Rahman (@taif_twts) May 1, 2023
ইয়াৰ পাছতে বিৰাট কোহলিৰ কথাৰ কটাকটি হৈছিল নবীন ঊল হকৰ সৈতে। এইবাৰো দুয়োৰে মাজৰ সংঘাতক আম্পায়াৰৰ হস্তক্ষেপে শান্ত কৰিছিল যদিও শান্ত হোৱা নাছিল বিৰাট।
A Fight took place between Naveen Ul Haq & Virat Kohli.#ViratKohli #NaveenUlHaq#RCBvLSG #LSGvRCB pic.twitter.com/fkI7q91dME
— Cricket With Abdullah 🏏 (@Abdullah__Neaz) May 2, 2023
তাৰ মাজতে অন্তিম উইকেটত আঘাতে জুৰুলা কৰি থোৱাৰ অৱস্থাত লেঙেৰাই লেঙেৰাই বেটিং কৰিবলৈ অহা কে এল ৰাহুলৰ আঘাতৰ অৱস্থাক লৈয়ো খেল পথাৰতেই বিৰাট কোহলিয়ে ইতিকিং কৰা টিভিৰ পৰ্দাত ধৰা পৰিছিল। মেচখন জয় কৰাৰ পাছত দুয়োটা দলে কৰমদৰ্ন কৰাৰ সময়ত বিৰাটো নিয়ম মাফিক সকলোৰে সৈতে কৰমৰ্দন কৰিছিল যদিও তাৰ মাজতে কাৰ্ল মেয়াৰ্ছৰ সৈতে পুনৰ বিৰাটৰ মাজত কথাৰ আদান প্ৰদান হয়।
য'ত দেখা গৈছে গৌতম গম্ভীৰে কাৰ্ল মেয়াৰ্ছক টানি আতৰাই নিছে। আৰু তাৰ পাছতেই গৌতম গম্ভীৰ আৰু বিৰাটৰ মাজত পুনৰ আৰম্ভ হৈছে সংঘাত। অৱশ্যে তাৰ মাজতে দুয়ো দলৰ খেলুৱৈয়ে তেওঁলোকক আঁতৰাই নিয়ে।
Kyle Mayers was talking to Virat Kohli - Gautam Gambhir came and took Mayers away. pic.twitter.com/g3ijMkXgzI
— Mufaddal Vohra (@mufaddal_vohra) May 1, 2023
তাৰ মাজতে বিৰাট কোহলি আৰু কে এল ৰাহুলৰ মাজত চলে কিছু সময় কথা বতৰা। এই সমগ্ৰ ঘটনা চাই থাকিল কোটি কোটি অনুৰাগীয়ে। খেল পথাৰত আক্ৰমণাত্মক হৈ থকা বিৰাট কোহলিৰ আক্ৰমণাত্মক ৰূপটোক বহুতে ভাল পাই যদিও তেওঁৰ দৰে এজন ক্ৰিকেটাৰৰ পৰা এই আচৰণ কোনেও আশা নকৰে।
এই কথা বিৰাট কোহলিয়েও উপলব্ধি কৰাৰ সময় এয়া। সেয়ে হয়তো হৰভজন সিঙে ক'বলৈ বাধ্য হৈছে, এসময়ত শ্ৰীশান্তৰ লগত হোৱা তেওঁৰ ঘটনাই আজিও তেওঁক লজ্জিত কৰে। বিৰাট কোহলিৰ দৰে লিজেণ্ড খেলুৱৈয়ে এনে আচৰণ কৰিব নালাগে।
Naveen ul haq denied to talk with Kohli
Entertainment into 100 ho rha pic.twitter.com/79BjOZS6bZ— karna (@this_is_elon24) May 1, 2023
Also Read: এজনৰ পাছত এজনকৈ AAP ৰ সকলো নেতাই সুৰা কেলেংকাৰীত অভিযুক্ত ! এইবাৰ বিপদত ৰাঘৱ চড্ডা...