এজনৰ পাছত এজনকৈ AAP ৰ সকলো নেতাই সুৰা কেলেংকাৰীত অভিযুক্ত ! এইবাৰ বিপদত ৰাঘৱ চড্ডা...

এজনৰ পাছত এজনকৈ AAP ৰ সকলো নেতাই সুৰা কেলেংকাৰীত অভিযুক্ত ! এইবাৰ বিপদত ৰাঘৱ চড্ডা...

author-image
Asomiya Pratidin
New Update
এজনৰ পাছত এজনকৈ AAP ৰ সকলো নেতাই সুৰা কেলেংকাৰীত অভিযুক্ত ! এইবাৰ বিপদত ৰাঘৱ চড্ডা...

এজনৰ পাছত এজনকৈ AAP ৰ সকলো নেতাই সুৰা কেলেংকাৰীত অভিযুক্ত ! এইবাৰ বিপদত ৰাঘৱ চড্ডা...

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীয়ে লগ এৰা নাই আম আদমী পাৰ্টীক। এই কেলেংকাৰীয়ে এজনৰ পিছত আন এজন নেতাক খেদি ফুৰিছে। শেহতীয়াকৈ ই ডিয়ে এই কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছা কৰাৰ পাছত এইবাৰ দ্বিতীয়খন চাৰ্জশ্বিটত আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চড্ডাৰ নামো সংযুক্ত কৰিলে।

ইডিয়ে উল্লেখ কৰা অনুসৰি ৰাঘৱ চাড্ডাই এই সন্দৰ্ভত কেইবাজনো বেপাৰীৰ সৈতে কথা বতৰা পাতিছিল। এই বিষয়ে ইডিয়ে তথ্য লাভ কৰাৰ পাছতে সুৰা কেলেংকাৰী সন্দৰ্ভত অতিৰিক্ত চাৰ্জশ্বিটত ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ নাম সন্নিৱিষ্ট কৰিছে।

শেহতীয়াকৈ ই ডিয়ে অৰবিন্দ কেজৰিৱালক সোধা-পোছা কৰাৰ সময়ত তেওঁ ৰাঘৱ চাড্ডাৰ নাম লোৱা বুলিও প্ৰকাশ পাইছে। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি দিল্লীৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াৰ আহ্বানত এক বৈঠক অনুষ্ঠিত হৈছিল।

এই বিঠকত উপস্থিত আছিল ৰাঘৱ চাড্ডা, পঞ্জাৱৰ আবকাৰী অধীক্ষক, বিষয়া আৰু বিজয় নায়াৰ। ইয়াৰোপৰি ইডিৰ এই চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে যে, দিল্লীৰ সংশোধিত সুৰা নীতি অৰবিন্দ কেজৰিৱালৰে মগজুৰ কৌশল।

এই কেলেংকাৰীত অভিযুক্ত বিজয় নায়াৰ আম আদমী পাৰ্টীৰ গুৰুত্বপূৰ্ণ সদস্য হোৱাৰ উপৰিও সুৰা নীতি মেনেজ কৰিছে। সেইদৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা প্ৰাক্তন সাংসদ কে কবিতাই সুৰা নীতি তৈয়াৰ হোৱাৰ পাছত এই বিজয় নায়াৰৰ সৈতেই কেইবাখনো বৈঠকত বহিছিল।

Also Read: শাৰদ পাৱাৰৰ ঘৰত গৌতম আদানীঃ ৰাজনীতিত ধুমুহা, ভংগ হ'ব ঐক্যবদ্ধ বিৰোধী !

আপ