আই পি এলত অভিযান শেষঃ লণ্ডনলৈ বিৰাট কোহলি, মহম্মদ ছিৰাজ...

আই পি এলত অভিযান শেষঃ লণ্ডনলৈ বিৰাট কোহলি, মহম্মদ ছিৰাজ...
আই পি এলত অভিযান শেষঃ লণ্ডনলৈ বিৰাট কোহলি, মহম্মদ ছিৰাজ...

ডিজিটেল ডেস্কঃ আই পি এলৰ প্লে অফত প্ৰৱেশত ব্যৰ্থ হোৱাৰ পাছতে ভাৰত এৰি লণ্ডনলৈ উৰা মাৰিবলৈ সাজু আৰ চি বিৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু মহম্মদ ছিৰাজ। দুয়ো ক্ৰিকেটাৰে দেওবাৰে আই পি এলৰ অভিযান সামৰণি মাৰিছে।

মঙ্গলবাৰে উৰা মাৰিব লণ্ডনলৈ। অৱশ্যে তেওঁলোক দুয়োজনৰ লগত আছে ভাৰতীয় টেষ্ট দলৰ আন কেইবাজনো সতীৰ্থ। আছে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো।

উল্লেখ্য যে, ৭ জুনৰ পৰা অ’ভেলত আছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। সেয়েহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে লণ্ডনৰ পৰিৱেশৰ লগত মিলিব পৰাকৈ আৰু অনুশীলন আৰম্ভ কৰিবলৈ বিৰাটকে ধৰি অন্যান্য ক্ৰিকটাৰসকল লণ্ডনলৈ মঙ্গলবাৰে উৰা মাৰিব।

লণ্ডনলৈ উৰা মাৰিবলগীয়া ক্ৰিকেটাৰসকলৰ তালিকাত আছে অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, উমেশ যাদৱ আৰু জয়দেৱ উনাদকাট। ইয়াৰোপৰি মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ চাপৰ্টিং ষ্টাফৰ অন্যান্য সদস্যসকলো লণ্ডনলৈ উৰা মাৰিব।

উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা ক্ৰিকেটাৰসকলৰ যিসকলে ইতিমধ্যে আই পি এল অভিযান সামৰণি মাৰিছে তেওঁলোকে আজি এইদৰে লণ্ডনলৈ যাত্ৰা আৰম্ভ কৰিছে। আই পি এল ২০২৩ ৰ পৰা ইতিমধ্যে বাহিৰ হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, কলকাটা নাইট ৰাইডাৰ্ছ, দিল্লী কেপিটেলছ, ছান ৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছ।

এই ফ্ৰেঞ্চাইজি কেইটাত থকা ভাৰতীয় টেষ্ট দলটোৰ সদস্যসকলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰস্তুতি লণ্ডনত আৰম্ভ কৰিব। উল্লেখ্য যে, লক্ষ্ণৌ চুপাৰ জায়েন্টছ প্লে’ অফত উপনীত হৈছে যদিও দলটোৰ সদস্য উনাদকাট ইতিমধ্যে আঘাতৰ বাবে দলটোৰ পৰা বাহিৰ হৈছে।

একেদৰে আই পি এলৰ সময়তে আঘাতৰ সন্মুখীন হৈছে উমেশ যাদৱো। এই দুই ক্ৰিকেটাৰক অৱশ্যে এতিয়া ফিট বুলি ঘোষণা কৰিছে নেশ্যনেল ক্ৰিকেট একাডেমীয়ে।

আনহাতে আই পি এলৰ প্লে' অফত উপনীত হোৱাৰ বাবে মুম্বাই ইণ্ডিয়ানছ, চেন্নাই চুপাৰ কিংছ, গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সদস্য ক্ৰমে ৰোহিত শৰ্মা, ঈশান কিষাণ, শুভমণ গীল, আজিংক্য ৰাহানে, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছামীয়ে আই পি এলত তেওঁলোকৰ অভিযান শেষ কৰাৰ পাছতে লণ্ডনলৈ যাত্ৰা কৰিব। একেদৰে ৰিজাৰ্ভ খেলুৱৈ হিচাপে থকা সূৰ্য কুমাৰ যাদৱ, ঋতুৰাজ গায়কোৱাডেও আই পি এল সামৰি লণ্ডনলৈ  যাত্ৰা কৰিব।

উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইমেল অহা ৭ জুনৰ পৰা ১১ জুনলৈ অনুষ্ঠিত হ’ব। ২০২১ ত ভাৰতে এই প্ৰতিযোগিতাৰ ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰিছিল।

আই পি এলত অভিযান শেষঃ লণ্ডনলৈ বিৰাট কোহলি, মহম্মদ ছিৰাজ...
মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা দুই শিক্ষানুষ্ঠানৰ ৰিজাল্ট পালেনে....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in