মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা দুই শিক্ষানুষ্ঠানৰ ৰিজাল্ট পালেনে....

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা দুই শিক্ষানুষ্ঠানৰ ৰিজাল্ট পালেনে....

author-image
Asomiya Pratidin
New Update
মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা দুই শিক্ষানুষ্ঠানৰ ৰিজাল্ট পালেনে....

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা দুই শিক্ষানুষ্ঠানৰ ৰিজাল্ট পালেনে....

ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। আগতীয়া ঘোষণা অবিহনে হঠাৎ ছেবাই মেট্ৰিকৰ ফলাফল ঘোষণা কৰি শিক্ষাৰ্থীক দিলে ছাৰপ্ৰাইজ। তাৰ পাছৰে পৰা ৰাজ্যজুৰি মেট্ৰিকত স্থানপ্ৰাপ্তসকলক লৈ পুৱাৰে পৰা চলি আছে চৰ্চা।

Advertisment

এইবাৰৰ মেট্ৰিক পৰীক্ষা অৱশ্যে সৰ্বকালৰ ভিতৰতে আছিল অতি বিতৰ্কিত। প্ৰশ্ন কাকত ফাদিলে পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীসকলৰ মনোবল ভাঙি পেলোৱাই নহয় অভিভাৱকসকলকো চিন্তিত কৰি তুলিছিল।

পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছিল যে পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ মাজতে ৰাজপথত নামি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল। ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ উপৰিও, শিক্ষাবিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল কেনেকৈ ফাদিল হৈছিল এই প্ৰশ্ন কাকত। লোহিত খাবলু হাইস্কুল আৰু দফলাকটা জনজাতি হাইস্কুলৰ পৰা ফাদিল হৈছিল এই প্ৰশ্ন কাকত।

প্ৰশ্ন কাকত ফাদিলৰে জড়িত লোহিত খাবলু হাইস্কুলৰ পৰীক্ষা তত্বাৱধায়ক প্ৰণৱ বৰুৱাক আৰক্ষীয়ে প্ৰশ্ন কাকত ফাদিল কৰাৰ বাবে আন কেইবাজনো লোকৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল। একেদৰে গ্ৰেপ্তাৰ হৈছিল দফলাকটা জনজাতি হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক কুমুদ দাস।

প্ৰশ্ন কাকত ফাদিলৰ মূল কেন্দ্ৰ স্বৰূপ লোহিত খাবলু হাইস্কুলৰ পৰাও এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১২৬ গৰাকী শিক্ষাৰ্থী। আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফল অনুসৰি এই বিদ্যালয়খনৰ পৰা মুঠ ৯০ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

আনহাতে ফেইল কৰিছে মুঠ ৩৬ গৰাকী শিক্ষাৰ্থী। বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱাসকলৰ ভিতৰত ৩৮ জনেই লাভ কৰিছে প্ৰথম বিভাগ।

আনহাতে দফলাকটা জনজাতি হাইস্কুলৰ পৰা এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৫৭ জন শিক্ষাৰ্থী। ইয়াৰ ভিতৰত ৫০ জন উত্তীৰ্ণ হোৱাৰ বিপৰীকে ৭ জনে ফেইল কৰিছে।

উত্তীৰ্ণ হোৱা ৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ২৮ জনে। দ্বিতীয় স্থান লাভ কৰিছে ১৯ জনে। উল্লেখ্য যে এই পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত আছিল কুমুদ দাস। এই কুমুদ দাসো আছিল প্ৰশ্ন কাকত ফাদিলৰ অন্যতম ব্যক্তি।

Also Read: ঢেকীয়াজুলিৰ দুই স্থানপ্ৰাপ্ত মেধাৱীৰ উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী অশোক সিংহালে...

মেট্ৰিক