পুনৰ মেছিৰ নেতৃত্বত অপ্ৰতিৰোধ্য আৰ্জেন্টিনা...

পুনৰ মেছিৰ নেতৃত্বত অপ্ৰতিৰোধ্য আৰ্জেন্টিনা...

ডিজিটেল ডেস্ক : কাটাৰ বিশ্বকাপৰ নক আউট পৰ্যায়ৰ দ্বিতীয় খন খেলত পুনৰ আধিপত্যৰ প্ৰদৰ্শন আৰ্জেন্টিনাৰ । বৰ্তমান ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত লিয়নেল মেছিৰ দুভৰিৰ যাদুত থমকি ৰ'ল অষ্ট্ৰেলিয়াৰ সপোন । খেলৰ ৩৫ মিনিটতেই ফুটবলৰ যাদুকৰজনে দিয়া এটা গ'লেৰে অগ্ৰগতি লাভ কৰিছিল আৰ্জেন্টিনাই । দ্বিতীয়াৰ্ধৰ ৫৭ মিনিটত আন এজন ফৰৱাৰ্ড খেলুৱৈ আলভাৰেজে দিয়া আন এক গ'লেৰে ২-০ৰ অগ্ৰগতি লাভ কৰিছিল দলটিয়ে । অৱশ্যে মিডফিল্ডৰ ফাৰ্নাণ্ডেজে ৭৭ মিনিটত দিয়া এক আত্মঘাতী গ'লৰ বাবে ২-১ত বিজয়ী হয় আৰ্জেন্টিনা ।

বিশ্বকাপৰ প্ৰথমখনি খেলত চৌদি আৰৱৰ হাতত পৰাস্ত হৈ ক্ৰীড়াপ্ৰেমীসকলক আশাহত কৰিছিল এই আৰ্জেন্টিনাই । সেইয়া আছিল দলটিৰ বিগত তিনি বছৰত প্ৰথমটি পৰাজয় । তাৰ পাছতেই যেন থমকি চাব লগীয়া নহ'ল মেছি বাহিনীয়ে । এটিৰ পাছত আন এটি দলক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত উপস্থিত হ'ল আৰ্জেন্টিনা । এতিয়া ৯ ডিছেম্বৰত নেডাৰলেণ্ডছৰ সন্মুখীন হ'ব দলটি । সকলোৰে আশা ফুটবলৰ যাদুকৰ গৰাকীয়ে এইবাৰ হাতত তুলি লওক বিশ্বকাপৰ ট্ৰ'ফী । অন্যথা মুকুটবিহীন হৈয়ে ফুটবলৰ পৰা বিদায় ল'ব লাগিব সম্ৰাটস্বৰূপ মেছিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in