কাটাৰ বিশ্বকাপ : এছিয়ান ফুটবলৰ সূৰ্যোদয়

কাটাৰ বিশ্বকাপ : এছিয়ান ফুটবলৰ সূৰ্যোদয়

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্ব আক্ৰান্ত ফুটবলৰ জ্বৰত । খেলৰ ফলাফলে কাৰোবালৈ আশা আনহাতে কাৰোবালৈ নিৰাশাৰ বতৰা কঢ়িয়াই আনিলেও সকলোৱে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য যে এইবাৰৰ বিশ্বকাপৰ প্ৰতিখন খেলেই যথেষ্ট আকৰ্ষণীয় । ফুটবলৰ চিৰাচৰিত স্বভাৱ ৰূপেই অন্তিম মূহুৰ্তলৈ ৰূদ্ধশ্বাস খেল প্ৰদৰ্শন কৰিলে প্ৰত্যেকটো দলেই । ইয়াৰ সৈতেই দেখা গ'ল এছিয়া মহাদেশৰ দল সমূহৰ আশ্চৰ্যকৰ ফলাফল । প্ৰথমে দক্ষিণ আমেৰিকাৰ শক্তিশালী দল আৰ্জেন্টিনাক পৰাস্ত কৰিলে চৌদি আৰৱে, তাৰ পাছতেই জাপানৰ হাতত পৰাস্ত হয় জাৰ্মানী । সদৌ শেষত ইৰানে পৰাজয়ৰ সোৱাদ দিলে ৱেলছক ।

বিশ্বকাপলৈ নিৰ্বাচিত হ'বলৈ হ'লে প্ৰত্যেকটো দলেই হ'ব লাগিব শক্তিশালী । ইয়াৰেই চূড়ান্ত উদাহৰণ ২০২১ বৰ্ষৰ ইউৰো কাপ বিজেতা ইটালী । দূৰ্ভাগ্যবশত: বিশ্বকাপৰ ৩২ টা দলৰ ভিতৰত স্থানেই লাভ নকৰিলে ইটালীয়ে । তেনেস্থলত বিশ্বকাপত স্থান লাভ কৰা দলবোৰ শক্তিশালী হ'লেও চৌদি আৰৱৰ হাতত আৰ্জেন্টিনাৰ পৰাজয় আশা কৰা নাছিল কোনো দৰ্শকেই ।

কাটাৰ বিশ্বকাপত এছিয়াৰ এই অভ্যূত্থানে নিশ্চয়কৈ এক নতুন দিগন্তৰ সূচনা কৰিব অনতি পলমে । বিশ্বৰ অন্যতম শক্তিশালী দলসমূহৰ সৈতে সমানে যুঁজ দি বিজয় লাভ কৰা সাধাৰণ কথা নহয় । যি দক্ষিণ আমেৰিকান দলসমূহক কলাসূলভ খেল আৰু ইউৰোপীয়ান দলসমূহক 'পাৱাৰ হাউছ' বুলি গণ্য কৰা হয় তেনে সময়তেই এছিয়ান ফুটবলৰ সূৰ্যোদয়ে পৰৱৰ্তী সময়ত অনুপ্ৰাণিত কৰিব যুৱ খেলুৱৈ সকলক ।

কেৱল এই তিনিটা দলেই নহয় বৰং দক্ষিণ কোৰিয়াৰ হিউং-মিন চন নামৰ খেলুৱৈজনেও প্ৰদৰ্শন কৰিছে আশানুৰূপ প্ৰদৰ্শন । হিউং-মিন চন হৈছে প্ৰীমিয়াৰ লীগৰ টটেনহাম হটস্পাৰৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড খেলুৱৈ । ক্লাবৰ খেলতো ইতিমধ্যেই দুৰ্দান্ত প্ৰদৰ্শন চনৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in