সপ্তমবাৰলৈ চেম্পিয়ন হ'ব পাৰিবনে ভাৰত? ICC Under-19 বিশ্বকাপৰ আজি ফাইনেল...

সপ্তমবাৰলৈ চেম্পিয়ন হ'ব পাৰিবনে ভাৰত? ICC Under-19 বিশ্বকাপৰ আজি ফাইনেল...

author-image
Asomiya Pratidin
New Update
সপ্তমবাৰলৈ চেম্পিয়ন হ'ব পাৰিবনে ভাৰত? ICC Under-19 বিশ্বকাপৰ আজি ফাইনেল...

বিশ্বকাপ ক্ৰিকেট

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰতিশোধ ল'ব পাৰিবনে ভাৰতৰ যুৱ বাহনীয়ে? অনুৰ্ধ্ব ১৯ ক্ৰিকেটত মহাশক্তিশালী হৈ উঠিব পাৰিবনে ভাৰত? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আৰু মাত্ৰ কিছু সময়ৰ অপেক্ষা।

Advertisment

আজি দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব আই চি চিৰ অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। ভাৰতৰ সন্মুখত প্ৰতিদ্বন্দি অষ্ট্ৰেলিয়া। ঠিক যেন আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰে পুনৰাবৃত্তি।

এইবাৰ প্ৰতিযোগিতাখনত গ্ৰুপ লীগৰ পৰাই অপৰাজিত হৈ আছে ভাৰত।একেদৰে অপৰাজিত হৈ আছে অষ্ট্ৰেলিয়াও। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল পৰ্যন্ত ভাৰতৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ।

ভাৰতৰ সন্মুখত যিয়েই আহিছে সকলোকো অনায়াসে পৰাস্ত কৰিবলৈ সক্ষম হৈছে।প্ৰতিযোগিতাখনত এই পৰ্যন্ত ভাৰতৰ মুছিৰ খানে ২টা শতক, শচীন ধছ, অৰ্শ্বিন কুলকাৰ্নি আৰু উদয় ছাহাৰনে এটাকৈ শতক অৰ্জন কৰিছে।

ইয়াৰ পূৰ্বে অনূৰ্ধ্বৰ ১৯ বিশ্বকাপৰ ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখী হৈছিল। সেইবাৰ ভাৰতৰ অধিনায়ক আছিল পৃথ্বি শ্ব'। তেওঁৰ নেতৃত্বত খেলিছিল শুভমণ গীল, ৰিয়ান পৰাগ আদিয়ে। সেইবাৰ ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰিছিল।

প্ৰতিযোগিতাখনৰ ইতিহাসত এই পৰ্যন্ত ভাৰতে মুঠ ৬ বাৰ আৰু অষ্ট্ৰেলিয়াই ২ বাৰ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে।

Also Read: নিমিষতে জ্বলি ছাঁই হ'ল ৭ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান...

ক্ৰিকেট বিশ্বকাপ ক্ৰিকেট