নিমিষতে জ্বলি ছাঁই হ'ল ৭ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান...

নিমিষতে জ্বলি ছাঁই হ'ল ৭ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান...
নিমিষতে জ্বলি ছাঁই হ'ল ৭ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ নিশা কোকৰাঝাৰৰ ভাটিপাৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰায় ১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৭ খনকৈ ব্যৱায়ীক প্ৰতিষ্ঠান ভস্মীভূত হয়।

জানিব পৰা মতে এখন চাহৰ দোকানৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত চাহৰ দোকানখনৰ লগত একেলগে থকা আন আন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈও জুইৰ সম্প্ৰসাৰণ হয়। ইয়াৰ মাজতে বিস্ফোৰণ হয় এটা চিলিণ্ডাৰ। ভস্মীভূত হোৱা এই ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে গেলামালৰ দোকান, হাৰ্ডৱেৰ দোকান আদি।

ইফালে অগ্নি নিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ খবৰ দিয়াৰ পাছতেই তেওঁলোক ঘটনাস্থলীত আহি উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহনৰ সৈতে দলটো আহি উপস্থিত হোৱাৰ পূৰ্বেই ৭ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই ঘটনাত বহু লাখ টকাৰ ক্ষয়ক্ষতি হৈছে।

নিমিষতে জ্বলি ছাঁই হ'ল ৭ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান...
কাৰ আশীৰ্বাদত জামিন পাইছিল এৰিন কটকীয়ে? গ্ৰেপ্তাৰ হ'ব ছাইৰেন গেং !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in