ন' বল দিয়াৰ বাবেই আম্পায়াৰক হত্যা...

ন' বল দিয়াৰ বাবেই আম্পায়াৰক হত্যা...

author-image
Asomiya Pratidin
New Update
ন' বল দিয়াৰ বাবেই আম্পায়াৰক হত্যা...

ন' বল দিয়াৰ বাবেই আম্পায়াৰক হত্যা...

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ আই পি এল জ্বৰত আক্ৰান্ত। তাৰ মাজতেই ক্ৰিকেট বলিয়া দেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ন' বল দিয়াৰ বাবেই আম্পায়াৰক হত্যা কৰিলে খেলুৱৈয়ে।

এই ঘটনা সংঘটিত হৈছে ওড়িষ্যাত। দুখন গাঁৱৰ মাজত খেলা এখন ক্ৰিকেট মেচত এজন আম্পায়াৰক ছুৰীৰে আঘাত কৰি হত্যা কৰা হ'ল। এই ঘটনা সংঘটিত হৈছে যোৱা দেওবাৰে। যি ঘটনাই এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি ব্ৰহ্মপুৰ আৰু শংকৰপুৰ নামৰ দুখন গাঁৱৰ মাজত অনুষ্ঠিত হৈছিল ক্ৰিকেট মেচ। মেচখনত আম্পায়ৰৰ দায়িত্ব পালন কৰিছিল লাকী ৰাউত নামৰ ২২ বছৰীয়া যুৱকজনে।

হত্যাৰ বলি হোৱা আম্পায়ৰ লাকী আৰু উত্তেজিত জনতা
হত্যাৰ বলি হোৱা আম্পায়ৰ লাকী আৰু উত্তেজিত জনতা

এই মেচখনতেই লাকীয়ে ন' বল দিয়াৰ বাবেই ৰঞ্জন ৰাউত নামৰ এজন খেলুৱৈয়ে খেলপথাৰৰ মাজতেই ছুৰীৰে আঘাত কৰে। এই ঘটনাৰ লগে লগেই স্থানীয় লোকে লাকীক হাস্পাতললৈ লৈ যায় যদিও স্থানীয় চি বি মডিকেল কলেজ, হাস্পতালৰ চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ লগে লগেই স্থানীয় লোকে হত্যাকাৰী ৰঞ্জনক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছে। ঘটনাক কেন্দ্ৰ কৰি দুয়োখন গাঁৱৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল যদিও স্থানীয় আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে।

Also Read: সন্তানক কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰে নেকি? আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া...

আই পি এল আম্পায়াৰ ক্ৰিকেট