সন্তানক কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰে নেকি? আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া...

সন্তানক কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰে নেকি? আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া...
সন্তানক কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰে নেকি? আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া...

ডিজিটেল ডেস্কঃ নিজ সন্তানক কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰ বাবে আগ্ৰহী অভিভাৱকসকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীকে ধৰি অন্যান্য শ্ৰেণীসমূহত নামভৰ্তিৰ আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

যিসকলে অভিভাৱকে নিজৰ সন্তানক দ্বিতীয়ৰ পৰা দশম শ্ৰেণীলৈ কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে সেইসকল অভিভাৱকে ইয়াৰ বাবে আৱেদন কৰিব পাৰে। নামভৰ্তিৰ বাবে অভিভাৱকসকলে কেন্দ্ৰীয় বিদ্যালয়ৰ সৈতে জড়িত ব্ৰাঞ্চলৈ গৈ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা পপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

এই বিষয়ে অধিক জানিবলৈ অভিভাৱকসকলে কাষৰীয়া কেন্দ্ৰীয় বিদ্যালয়লৈ গৈ যোগাযোগ কৰিব পাৰিব। উল্লেখ্য যে, কেন্দ্ৰীয় বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ নূন্যতম বয়স ৭ বছৰ হ’ব লাগিব আৰু বয়সৰ উচ্চতম সীমা হ’ল ৯ বছৰ।

একেদৰে তৃতীয় শ্ৰেণীৰ বাবে বয়স ৭ ৰ পৰা ৯ বছৰ, চতুৰ্থ শ্ৰেণীৰ বাবে ৮ বছৰৰ পৰা ১০ বছৰ, পঞ্চম শ্ৰেণীৰ বাবে ৯ বছৰৰ পৰা ১১ বছৰ, ষষ্ঠ শ্ৰেণীৰ বাবে ১০ বছৰৰ পৰা ১২ বছৰ, সপ্তম শ্ৰেণীৰ বাবে ১১ বছৰৰ পৰা ১৩ বছৰ, অষ্টম শ্ৰেণীৰ বাবে ১২ বছৰৰ পৰা ১৪ বছৰ, নৱম শ্ৰেণীৰ বাবে ১৩ বছৰৰ পৰা ১৫ বছৰ আৰু দশম শ্ৰেণীৰ বাবে ১৪ ৰ পৰা ১৬ বছৰ হোৱাটো বাঞ্চনীয়।

কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদন প্ৰক্ৰিয়া অনলাই মাধ্যমৰ জৰিয়তে হ’ব। অভিভাৱকে অনলাইন মাধ্যমেৰে মোবাইল এপ্লিকেশ্যনৰ জৰিয়তেই প্ৰথম শ্ৰেণীত শিক্ষাৰ্থীক নামভৰ্তি কৰিব পাৰিব।

ইয়াৰ বিপৰীতে দ্বিতীয় শ্ৰেণীত নামভৰ্তিৰ বাবে অভিভাৱকসকলক দাঁতিকাষৰীয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। অধ্যক্ষৰ কাৰ্যালয়তে শ্ৰেণী অনুসৰি খালী আসনৰ তথ্য আৰু ইয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ আৰু আৱেদন পত্ৰ উপলব্ধ হ’ব। আৱেদনৰ অন্তিম তাৰিখ ১২ এপ্ৰিল।    

সন্তানক কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰে নেকি? আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া...
১৪ এপ্ৰিলত অসমে পাব স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও সম্পদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in