ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত টংলা ক্ৰিকেট ক্লাৱ...

ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত টংলা ক্ৰিকেট ক্লাৱ...

author-image
Asomiya Pratidin
New Update
ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত টংলা ক্ৰিকেট ক্লাৱ...

ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত টংলা ক্ৰিকেট ক্লাৱ...

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি ইউপিএল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু এম‌.এম কনষ্ট্ৰাকছনৰ সৌজন্যত ওদালগুৰিত চলি থকা ওদালগুৰি প্ৰীমিয়াৰ লীগ ২০২৩ৰ আজিৰ প্ৰথমখন ছেমিফাইনেল খেল ওদালগুৰি ক্ৰিকেট কোচিং চেণ্টাৰ বনাম টংলা ক্ৰিকেট ক্লাৱৰ মাজত অনুষ্ঠিত হৈ যায়। খেলখনত টংলা ক্ৰিকেট ক্লাৱে ৩৩ ৰাণত জয়লাভ কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে।

Advertisment

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে টংলাই ২০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। টংলাৰ মনোজ দাস আৰু যুৱৰাজ কছাৰীয়ে ৩০ ৰাণকৈ সংগ্ৰহ কৰাৰ বিপৰীতে কোচিঙৰ বিনীত দেয়ে তিনিটা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি ওদালগুৰি কোচিং চেণ্টাৰে ১৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৬ ৰাণত ইনিংছ সামৰে। কোচিঙৰ বিশাল শৰ্মাই ৬১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাস্কৰ কলিতাই তিনিটা উইকেট দখল কৰে।

আজিৰ খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে টংলাৰ ভাস্কৰ কলিতাই। বৃহস্পতিবাৰে প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল খেল ইউনাইটেড ইয়ুথ ক্লাৱ বনাম পূৱনগৰ মেধীপাৰা ইয়ুথ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব।

Also Read: ভৱেশ কলিতাই বিজেপিৰ পৰা বহিস্কাৰ কৰিলে ১৬ জনকৈ নেতাক...

ওদালগুৰি