/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b7916519-023c-495c-a87a-05bfe1380029/bjpp.jpg)
bjp
ডিজিটেল ডেস্কঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিত সৃষ্টি হোৱা প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ মাজতে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক নিৰ্দেশনাৰ জৰিয়তে ১৬ জন লোকক দলৰ পৰা বহিস্কাৰ কৰিছে। উল্লেখ্য, এই ১৬ গৰাকী লোকেই দলীয় টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।
বহিস্কাৰ হোৱা এই নেতাসকলৰ ভিতৰত আছে কেইবাজনো প্ৰাক্তন ই এম আৰু বি জে পিৰ যুৱ মৰ্চাৰ নেতাও। বিজেপিৰ সভাপতি ভৱেশ কলিতাই জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত বহিস্কাৰ হোৱা নেতাসকল ক্ৰমে জাতিংগা সমষ্টিৰ লামমেথিয়েম টিউল, মাহুৰ সমষ্টিৰ ৰাহুল নাইডিং, চিলভিয়াছ এল খজুল, হাংৰুম সমষ্টিৰ পি বি নেওমে, লাইচন সমষ্টিৰ পি জেমি, কালাছান্দ সমষ্টিৰ প্ৰণেন হাফলংবাৰ, ৱাজাও সমষ্টিৰ পুনুছ নুনিছা, হাতীখালী সমষ্টিৰ বিমল হোজাই আৰু হেমন্ত কেন্দ্রাই, গৰমপানী সমষ্টিৰ জয়ছিং দুৰং আৰু দুৰমেন ইংহি, দিহামালাই সমষ্টিৰ আৰ জেমি, ল'ৱাৰ খাৰথঙৰ লালৰপুই মাৰ, ২৬ নং দলং সমষ্টিৰ এছ ৰাংখ'ল, দিগেৰ সমষ্টিৰ জয়দেশ ফংলো আৰু চেমখৰ সমষ্টিৰ হেৰজিৎ জিদুং।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/574a1d84-be30-4ecf-bbf3-e7f9a04647f9/90db7b38_7935_4997_821a_61ce6257051c.jpg)
Also Read: কাছাৰত তিনি বাহনৰ পৰা বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃদুজনক গ্ৰেপ্তাৰ...