মহিলা বিশ্বকাপঃ খিতাপ দখলৰ যুঁজত দুই শক্তি ভাৰত-ইংলেণ্ড

অনূৰ্ধ্ব ১৯ মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম ইংলেণ্ড। মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত

author-image
Asomiya Pratidin
New Update
মহিলা বিশ্বকাপঃ খিতাপ দখলৰ যুঁজত দুই শক্তি ভাৰত-ইংলেণ্ড

ডিজিটেল ডেস্কঃ অনূৰ্ধ্ব ১৯ মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম ইংলেণ্ড। মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে।

Advertisment

আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক হৰুৱাই স্থান নিশ্চিত কৰিছে ইংলেণ্ডে। দেওবাৰে বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত অৱৰ্তীৰ্ণ হ'ব দুই শক্তি ভাৰত আৰু ইংলেণ্ড। দুই দলে ইতিমধ্যে শক্তিৰ প্ৰমাণ দাঙি ধৰি ফাইনেলৰ পথ প্ৰশস্ত কৰিছিল।

সেয়ে অনুৰাগীৰ মনত দোলা দি আছে কোন হ'ব বিশ্ব চেম্পিয়ন ! সুন্দৰ ফৰ্মত আছে ভাৰতৰ শ্বেতা সৰস্বত। তেওঁ বিশ্বকাপৰ ৬ খন মেচত সংগ্ৰহ কৰিছে ২৯২ ৰান। অন্যহাতে ছেমিফাইনেলত প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰা বলাৰ প্ৰাচভী চোপ্ৰা আছে সুন্দৰ ফৰ্মত।

আৰু পঢ়কঃ মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ বন্যহস্তীৰ গচকত থিতাতে নিহত এজন

icc indvseng cricket t20worldcup bcci u19 t20