
ডিজিটেল ডেস্কঃ ঘোষণা হ'ল আই পি এল-২০২৩ ৰ সময়সূচী। ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'ব মেগা টুৰ্ণামেণ্টখন। আহমেদাবাদত গুজৰাট আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ'ব উদ্বোধনী মেচ।
আনহাতে আই পি এলৰ লীগৰ অন্তিমখন মেচ অনুষ্ঠিত হ'ব ২১ মে' ২০২৩ ত বেংগালুৰুত। এইবাৰ অসমেও আই পি এলৰ দুখন মেচ অনুষ্ঠিত হ'ব।
ৰাজস্থান ৰয়েলছে গুৱাহাটীক দ্বিতীয় হোম টাওন হিচাপে লোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ গুৱাহাটীত অনুষ্ঠিত দুখনকৈ মেচ। ইয়াৰে প্ৰথমখন মেচ অনুষ্ঠিত হ'ব ৫ এপ্ৰিলত।
সন্ধিয়া ৭-৩০ বজাৰ পৰা বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব প্ৰথমখন মেচ। আনহাতে ৮ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব দ্বিতীয়খন মেচ।
এই দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব বিয়লি ৩-৩০ বজাৰ পৰা। মেচখনত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব।
উল্লেখ্য যে, অসমত আই পি এলৰ মেচ অনুষ্ঠিত কৰিবৰ বাবে অসম ক্ৰিকেট সন্থাই বি চি চি আই আৰু ৰাজস্থান ৰয়েলছক অনুৰোধ জনাইছিল। সেই অনুৰোধ ৰক্ষা কৰিয়েই অসমত অনুষ্ঠিত হ'ব দুখনকৈ আই পি এলৰ মেচ।