ঐতিহাসিক হাবুংত নৰ্থ বেংক মহাবিদ্যালয়ৰ স্বচ্ছতা আৰু সজগতামূলক কাৰ্যসূচী...

ঐতিহাসিক হাবুংত নৰ্থ বেংক মহাবিদ্যালয়ৰ স্বচ্ছতা আৰু সজগতামূলক কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক হাবুংত নৰ্থ বেংক মহাবিদ্যালয়ৰ স্বচ্ছতা আৰু সজগতামূলক কাৰ্যসূচী...

ঐতিহাসিক হাবুংত নৰ্থ বেংক মহাবিদ্যালয়ৰ স্বচ্ছতা আৰু সজগতামূলক কাৰ্যসূচী...

ডিজিটেল সংবাদ ঢকুৱাখনা: পাৰিপাৰ্শ্বিক পৰিবেশ পৰিষ্কৰনেৰে স্বচ্ছ আৰু সুস্বাস্থ্যগত জীৱনশৈলী সুনিশ্চিতকৰণৰ আহ্বানেৰে শুকুৰবাৰে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয় ঐতিহাসিক হাবুং ক্ষেত্ৰত । ঢকুৱাখনা মহকুমাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগিতাত আৰু মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই পৰিবেশ সজাগতামূলক সময়োপযোগী কাৰ্যসূচী ।

Advertisment

মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী স্বপ্নালী বৰগোঁহাই, গায়ত্ৰী দলে, ড০ নৰেন চন্দ্ৰ দাস, মিন্টু ফুকন, ড০ তৰুলতা বৰুৱা আদিৰ নেতৃত্বত অসমীয়া বিভাগৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীয়ে আগবেলা ঐতিহাসিক হাবুং প্ৰাংগণত উপস্থিত হয় । বিগত সময়চোৱাত এই ইতিহাস প্ৰসিদ্ধ মন্দিৰ দৰ্শন কৰিবলৈ আগমন ঘটা দর্শনাৰ্থীসকলৰ অমনোযোগিতাৰ বাবে হাবুং চৌহদত সৃষ্টি হোৱা আৱৰ্জনাময় আৰু অপৰিষ্কাৰ পৰিবেশ প্ৰত্যক্ষ কৰি মহাবিদ্যালয়ৰসমূহ শিক্ষক-শিক্ষাৰ্থীয়ে হাতে হাতে ঝাড়ু লৈ সমগ্ৰ হাবুং চৌহদ পৰিষ্কৰণ কৰে ।

চৌহদত সিঁচৰতি হৈ থকা প্লাষ্টিক ,পলিথিনৰ লগতে অন্যান্য উচিষ্ট সামগ্ৰী ঝাড়ু দি নিকাকৰণ আৰু নিষ্কাশন কৰি শিক্ষক-শিক্ষাৰ্থীসকলে ঐতিহাসিক ক্ষেত্ৰখন স্বচ্ছ আৰু নিকা কৰি সর্বাংগসুন্দৰ আৰু জনস্বাস্থ্য অনুকূল কৰি ৰখাৰ আহ্বান জনায় পৰ্যটক দর্শনাৰ্থীসকলক। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ এনে পদক্ষেপ নিশ্চিতভাৱে প্ৰশংসনীয় আৰু অনুকৰণীয় হিচাবে পৰিগণিত হৈছে ।

Also Read: মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !

হাবুং north bank college