আই পি এলৰ নিলামৰ বাবে অসমৰ দুই ক্ৰিকেটাৰ

বি চি চি আইৰ তত্বাৱধানত এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মহিলা ক্ৰিকেটাৰসকলৰ মাজত আই পি এল

author-image
Asomiya Pratidin
New Update
আই পি এলৰ নিলামৰ বাবে অসমৰ দুই ক্ৰিকেটাৰ

ডিজিটেল ডেস্কঃ বি চি চি আইৰ তত্বাৱধানত এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মহিলা ক্ৰিকেটাৰসকলৰ মাজত আই পি এল। পুৰুষ ক্ৰিকেটাৰেৰে গঠিত আই পি এলৰ অভূতপূৰ্ব সাফল্যৰ পাছত এইবৰ্ষৰ পৰা বি চি চি আয়ে আয়োজন কৰিব মহিলা ক্ৰিকেটাৰেৰে গঠিত আই পি এলৰ দল।

Advertisment

সেই অনুসৰি দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ লগতে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ জিণ্টিমানী কলিতা আৰু উমা চেট্ৰিক মহিলা আই পি এল নিলামৰ বাবে বাচনি কৰিছে। এই কথা অসম ক্ৰিকেট সন্থাই এক বিজ্ঞপ্তিযোগে জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে পুৰুষৰ আই পি এলত নিলামৰ বাবে অসমৰ একাধিক খেলুৱৈ নিৰ্বাচিত হৈছিল যদিও আবু নেচিম আহমেদ আৰু ৰিয়ান পৰাগে আই পি এলৰ মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এই বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত মুঠ ৪০৯ জন ক্ৰিকেটাৰ নিলামৰ বাবে সাজু হৈছে।

আৰু পঢ়কঃ চকীগেটৰ সমীপৰ ৰে'লপথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

assam cricket association ipl bcci