চকীগেটৰ সমীপৰ ৰে'লপথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

চকীগেটৰ সমীপৰ ৰে'লপথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, দুমুনিচকীঃ বাইহাটা জি আৰ পিৰ অন্তৰ্গত চকীগেটৰ সমীপৰ ৰে'লপথত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। মঙলবাৰে নিশা প্ৰায় ১০-৩০ বজাত উদ্ধাৰ হোৱা মৃত অচিনাক্ত যুৱকজনৰ বৰ্তমানলৈকে পৰিচয় লাভ কৰা নাই বুলি বাইহাটা ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰায় ২৬ বছৰ বয়সীয়া যুৱকজনৰ ৰে'ল দুৰ্ঘটনাত মৃত্যু হৈছে নে চলন্ত ৰেলৰ সন্মুখত জপিয়াই আত্মহত্যা কৰিছে সেই বিষয়েও জানিব পৰা হোৱা নাই। বুধবাৰে জি এম চি এইচত যুৱকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

অচিনাক্ত যুৱকজনৰ মৃতদেহ বাইহাটা ৰেল আৰক্ষীয়ে ৰঙিয়াস্থিত মৰ্গত ৭২ ঘন্টা সময়লৈকে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in