বিধ্বংসী ভূমিকম্পই প্ৰাণ ল'লে ৫০ হেজাৰৰো অধিকৰ, তথাপিও হেৰুওৱা নাই সাহস

বিধ্বংসী ভূমিকম্পই প্ৰাণ ল'লে ৫০ হেজাৰৰো অধিকৰ, তথাপিও হেৰুওৱা নাই সাহস

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰেই ৬ ফেব্ৰুৱাৰীৰ কথা । ৭.৮ ৰিখটাৰ স্কেলৰ এক বিধ্বংসী ভূমিকম্পই কপাই গৈছিল তুৰস্ক আৰু চিৰিয়াক । দুসপ্তাহতকৈও অধিক সময় ধৰি চলা উদ্ধাৰ অভিযানৰ অন্তত প্ৰকাশ পাইছিল এক হৃদয়বিদাৰক তথ্য । ভুমিকম্পই প্ৰাণ কাঢ়ি নিছিল প্ৰায় ৫০ হেজাৰৰো অধিক লোকৰ । কোৱা হয় এজনৰ মৃত্যু দুৰ্ঘটনা, হেজাৰ জনৰ মৃত্যু পৰিসংখ্যা । ঠিক যেন তেনেকুৱাই হ'ল তুৰস্কৰ সৈতে । অৱশ্যে তুৰস্কৰ এই বিপদৰ সময়ত ভাৰতকে ধৰি বহু কেইখন বিদেশী ৰাষ্ট্ৰই তৎকালীন সাহায্য আগবঢ়াইছিল তুৰস্কলৈ ।

সেই তুৰস্কই কিন্তু হেৰুৱাই নেপেলালে সাহস । অৱতীৰ্ণ হ'ল খেলপথাৰত । কাটাৰ বিশ্বকাপত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰা ক্ৰৱেটিয়াৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ'ল অতি সাহসেৰে । ইতিমধ্যে ২০২৪ বৰ্ষৰ ইউৰো কাপৰ যোগ্যতা অৰ্জনকাৰী এক খেলত ক্ৰ'ৱেটিয়াৰ বিৰুদ্ধে ২-০ গ'লত পৰাস্ত হ'লেও তুৰস্কৰ এই সাহসক সকলোৱে একেমুখেই সমৰ্থন কৰিছে ।

ইষ্টানবুলত আয়োজন হোৱা এই খেলৰ পূৰ্বে তুৰস্কৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকসকললৈ সমবেদনা আৰু শ্ৰদ্ধা জ্ঞাপন কৰা হয় খেলপথাৰত । সমগ্ৰ খেলখনত গৰিষ্ঠ সংখ্যক সুযোগ লাভ কৰাৰ পাছতো কিন্তু সেই সুযোগ গ'ললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে তুৰস্কই । কিন্তু খেলপথাৰত অৱতীৰ্ণ হোৱাটোৱেই যেন আছিল সকলোতকৈ ডাঙৰ কথা ।

বিধ্বংসী ভূমিকম্পই প্ৰাণ ল'লে ৫০ হেজাৰৰো অধিকৰ, তথাপিও হেৰুওৱা নাই সাহস
চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ অশোকাষ্টমী মেলাত অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in