চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ অশোকাষ্টমী মেলাত অঘটন

চম্পাৱতী নৈত গা ধুবলৈ নামি গভীৰ পানীত সন্ধানহীন ষোল্ল বছৰীয়া কিশোৰ
চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ অশোকাষ্টমী মেলাত অঘটন

ডিজিটেল সেৱা, চিৰাং : চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ চম্পাৱতী নৈৰ অশোকাষ্টমী মেলাত অঘটন সংঘটিত হৈছে । পৰিয়ালৰ সৈতে চম্পাৱতী নৈত গাঁ ধুৱলৈ নামি গভীৰ পানীত সন্ধানহীন হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰ । সন্ধানহীন হোৱা কিশোৰ জনক বাসুগাঁও চহৰৰ দুই নং ওৱাৰ্ড মেধীপাৰাৰ বাসিন্দা গুণজিৎ ব্ৰহ্মৰ পুত্ৰ বিশ্বজিৎ ব্ৰহ্ম (১৬) বুলি জানিব পৰা গৈছে ।

অশোকাষ্টমী মেলাত হঠাতেই কিশোৰ জনৰ সন্ধানহীন হোৱা বিষয়টো লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।ঘটনাস্থলীত বাসুগাঁও আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি কাজলগাঁও স্থিত এচডিআৰএফ বাহিনীক খবৰ দিয়ে । খবৰ লাভ কৰি এচডিআৰএফ বাহিনীৰ লোক চম্পাৱতী নৈৰ মেলা স্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে । কিন্তু বাতৰি যুগুত কৰা লৈকে নিৰুদ্দেশ হৈ থকা কিশোৰ জনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে বিশ্বজিৎ ব্ৰহ্ম এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ আছিল ।

চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ অশোকাষ্টমী মেলাত অঘটন
নাই পাৰ্কিঙৰ সুব্যৱস্থা, জনতাই ভৰিব লাগে জৰিমণাঃ যোৰহাট পৰিবহন বিভাগৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in