/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/23abfed2-122e-4a09-ba69-78e01662ea7c/pbks.jpg)
ডিজিটেল ডেস্কঃ চলিত আই পি এলত ৰোমাঞ্চকৰ জয়লাভ পাঞ্জাৱ কিংছৰ। শুকুৰবাৰে অনুষ্ঠিত এখন মেচত কে এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ২ উইকেটত জয়লাভ কৰে পাঞ্জাৱ কিংছে।
মেচখনত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলে ৭৪ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। প্ৰথমে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে বেট ধৰি পাঞ্জাৱ কিংছক বিজয়ৰ বাবে ১৬০ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
প্ৰত্যুত্তৰত পাঞ্জাৱে ১৬১ ৰান কৰি জয়লাভ কৰে। দলৰ হৈ ছিকন্দৰ ৰাজাই ৫৭ ৰান কৰে। আনহাতে আজি আবেলি অনুষ্ঠিত হোৱা দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰৰ মাজৰ মেচখনত বিৰাট কোহলিয়ে অৰ্ধশতক অৰ্জন কৰে। এইখন মেচত ২৩ ৰানৰ ব্যৱধানত দিল্লী কেপিটেলছক ৰয়েল চেলেঞ্জাৰ্ছে পৰাস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3cb0b68b-4be6-43b3-a3d1-8cd19fd0e70e/download.jpg)
Also Read: পহিলা ব'হাগৰ দিনাই ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত মথুৰাপুৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us