পহিলা ব'হাগৰ দিনাই ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত মথুৰাপুৰ

১৩ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১৩খন পতাকা উত্তোলন কৰা হয়

author-image
Asomiya Pratidin
New Update
পহিলা ব'হাগৰ দিনাই ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত মথুৰাপুৰ

ডিজিটেল সংবাদ, মথুৰাপুৰঃ পহিলা ব'হাগৰ দিনাটোতে ঢোল -পেঁপা- গগনাৰ মাতত মুখৰিত হৈ পৰিল বৃহত্তৰ মথুৰাপুৰ অঞ্চল ৷ পৃৰ্বৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰবাসীৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবাৰো মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত ত্ৰয়োদশ বাৰ্ষিক মুকলি বিহু অনুষ্ঠিত কৰে ৷

Advertisment

পুৱা বিহু উদযাপন সমিতিৰ সভাপতি বিবেক বৰুৱাই বিহুৰ পতাকা উত্তোলন কৰাৰ লগে লগেই ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১৩খন পতাকা উত্তোলন কৰা হয়। ছাত্ৰনেতা ত্ৰিনয়ন বৰগোহাঁই শ্বহীদ তৰ্পণ কৰাৰ পিচতেই বৃক্ষৰোপণ কৰে শিক্ষক নীলমণি বৰগোহাঁইয়ে ৷

দুপৰীয়া মুকলি বিহুৰ সৈতে সংগতি ৰাখি ছাত্ৰছাত্ৰীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা আৰু পৰম্পৰাগতভাৱে কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া বিশিষ্ট কৌতুক অভিনেতা ৰমেন তামুলীয়ে উদ্বোধন কৰা মুকলি বিহুখনিত কেইবাটাও বিহুদলে হুঁচৰি আৰু জেংবিহু প্ৰদৰ্শন কৰে।

উল্লেখ্যোগ্য যে, জাতি, জনগোষ্ঠী, ভাষা, ধৰ্ম, বৰ্ণ-নিৰ্বিশেষে সকলোৰে মাজত সমন্বয়, সম্প্ৰতি সদ্ভাৱৰ বান্ধোনডাল আৰু অধিক কটকটীয়া কৰি তোলাৰ উদ্দেশ্য প্ৰতিবছৰে ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোতে সকলোকে একত্ৰিত কৰি মুকলি বিহু অনুষ্ঠিত কৰি আহিছে ৷

Also Read: বোকাখাতত দুৰ্ঘটনাঃ থিতাতে নিহত দুই যুৱক

Bohag Bihu