আজি ৰিয়ানে পাব নে দলত স্থান ? লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ মেচ

যাৰ বাবে এইসকল বলাৰ ৰাজস্থানৰ বেটছমেনৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব পাৰে
আজি ৰিয়ানে পাব নে দলত স্থান ? লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ মেচ

ডিজিটেল ডেস্কঃ আজি দুই মহাশক্তিৰ যুঁজ। চলিত আই পি এলৰ এখন গুৰুত্বপূ্ৰ্ণ মেচত অংশ ল'ব পইণ্ট তালিকাৰ শীৰ্ষ দুই দল ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।

পৰিসংখ্যাৰ দিশৰ পৰা বৰ্তমানলৈকে লক্ষ্ণৌতকৈ আগবাঢ়ি আছে ৰাজস্থান ৰয়েলছ। সম্প্ৰতি দুয়োটা দলে ৫খনকৈ মেচ খেলিছে। ৰাজস্থানৰ পইণ্ট ৮ বিপৰিতে লক্ষ্ণৌৱে ৩খন মেচত জয়লাভৰে ৬ পইণ্ট সংগ্ৰহ কৰি পইণ্ট তালিকাৰ দ্বিতীয়স্থানত আছে।

বাটলাৰ,অধিনায়ক সঞ্জু ছেমচন,দেৱদত্ত পাডিকল,জয়ছোৱালৰে,ছিমৰণ হেটমায়ৰৰ দৰে গঠিত বেটিং লাইন-আপ দলটোৰ মূলশক্তিৰ লগতে সমান্তৰালকৈ শক্তিশালী বলিং বিভাগ। মুঠৰ ওপৰত বেটে-বলে উভয় দিশতে শক্তিশালী প্ৰাক্তন চেম্পিয়ন ৰাজস্থান ৰয়েলছ।

উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ তথা অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ উঠিছে বিভিন্ন প্ৰশ্ন। ধাৰাবাহিক ব্যৰ্থতাৰ পাছতো দলত স্থান লাভ কৰি আছে ৰিয়ানে।

তেওঁৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে সংবাদ মাধ্যমত ৰিয়ানক দলৰ পৰা বাদ দিয়াৰ পোষকতা কৰাৰ উপৰিও তেওঁৰ বাবেই যোগ্য খেলুৱৈয়েও দলত স্থান লাভৰ পৰা বঞ্চিত হোৱা বুলি মন্তব্য কৰে। আজিৰ মেচখনত ৰিয়ানে দলত স্থান পাইনে নে নাপায় সেয়া সময়ত হে দেখা পোৱা যাব।

অন্যহাতে প্ৰতিপক্ষৰ সন্মুখৰ পৰা মেচ নিজৰ দখলত অনাৰ কৌশল খুব ভালকৈয়ে জানে কে এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। যিকোনো মুহুৰ্ততে ভয়াৱহ হৈ উঠিব পাৰে দলটো।

মাৰ্ক উদ,ৰবি বিষ্ণৈ,অমিত মিশ্ৰ আদিৰ দৰে ভয়াৱহ বলাৰৰে গঠিত বলিং বিভাগ বেচ শক্তিশালী। যাৰ বাবে এইসকল বলাৰ ৰাজস্থানৰ বেটছমেনৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব পাৰে। খেলৰ সময়- সন্ধিয়া ৭-৩০ বজাত।

আজি ৰিয়ানে পাব নে দলত স্থান ? লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ মেচ
শীৰ্ষৰ চাৰিত স্থান লাভৰ মৰণপণ যুঁজ লিভাৰপুলৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in