শীৰ্ষৰ চাৰিত স্থান লাভৰ মৰণপণ যুঁজ লিভাৰপুলৰ

শীৰ্ষৰ চাৰিত স্থান লাভৰ মৰণপণ যুঁজ লিভাৰপুলৰ

ডিজিটেল ডেস্ক : প্ৰিমিয়াৰ লীগৰ খিতাপ দখলৰ যুঁজৰ পৰা কাহানিবাই বাহিৰ হৈছে লিভাৰপুল এফ চি । চেম্পিয়নছ লীগতো একেই ব্যৰ্থতা । বিশ্বৰ অন্যতম ফুটবলাৰ সকল থকাৰ পাছতো এই ধাৰাবাহিক ব্যৰ্থতাই হতাশ কৰি তুলিছে লিভাৰপুলক । একালৰ চেম্পিয়নৰ এতিয়াৰ যুঁজ শীৰ্ষৰ চাৰিত স্থান লাভৰ হে । বৰ্তমান অষ্টম স্থানত থকা লিভাৰপুলৰ বাবে এতিয়াও কঠিন এই লক্ষ্য । অৱশ্যে এতিয়াও আশা এৰি দিয়া নাই দলটোৱে । বিগত নিশা দলটোৱে লীডছ ইউনাইটেডক ৬-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে ।

মহম্মদ ছালাহ আৰু ডিয়েগ' জ'টাৰ দুগ'লকৈ, গাপকো আৰু নুনেজৰ এগ'লেৰে প্ৰথমৰে পৰাই চাপত ৰাখিছিল লীডছ ইউনাইটেডক । এই জয়েৰে দলটিয়ে ছন্দ ঘূৰাই পোৱাৰ ইংগিত দিলেও মাত্ৰ ৮ খন মেচেৰে এতিয়া শীৰ্ষৰ চাৰিত প্ৰৱেশৰ আশা ক্ষীণ ।

নিজৰ প্ৰদৰ্শনতকৈ অন্য দলৰ ফলাফলৰ ওপৰতহে এতিয়া নিৰ্ভৰশীল দলটো । এই মুহুৰ্তত লিভাৰপুলৰ সন্মুখত আছে ব্ৰাইটন, এষ্টন ভিলা, টটেনহাম, নিউকেছল আৰু মানচেষ্টাৰ ইউনাইটেড ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in