শৃংখলা দখলৰ যুঁজত ভাৰত-ৱেষ্ট ইণ্ডিজৰ গুৰুত্বপূৰ্ণ মেচ

শৃংখলা দখলৰ যুঁজত ভাৰত-ৱেষ্ট ইণ্ডিজৰ গুৰুত্বপূৰ্ণ মেচ

ডিজিটেল ডেস্ক : আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ নিৰ্ণায়ক এদিনীয়া মেচ। কিছুদিন পূৰ্বে সম্পূৰ্ণ শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যোৱা ৰোহিত বাহিনীৰ আজি নিৰ্ণায়ক এদিনীয়া মেচ।

৩খনীয়া এদিনীয়া শৃংখলাটোত বৰ্তমানলৈ দুয়ো দলে ১-১ৰ সমতা স্থাপন কৰিছে,সেয়ে আজিৰ এই মেচখন দুয়ো দলৰ বাবে গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে অত্যধিক আত্মবিশ্বাসৰ ফলত দ্বিতীয়খন এদিনীয়া মেচত ভাৰতে ঘৰুৱা দলটোৰ হাতত নিৰ্লজ্জভাৱে পৰাজয় বৰণ কৰিছিল। সেয়ে পূৰ্বৰ সকলো ভুল পাহৰি মঙলবাৰে ব্ৰায়াল লাৰা ক্ৰিকেট একাডেমী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা এই মেচখনত শৃংখলা দখলৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ'ব ৰোহিত বাহিনী।

ইফালে সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ বাবে সাজু ঘৰুৱা দলটোৰ প্ৰতিগৰাকী খেলুৱৈ। আৰম্ভণিৰ পৰাই ভাৰতীয় বেটাৰক চাপত ৰখাৰ চেষ্টা কৰিব ৱেষ্ট ইণ্ডিজে। মৰণপণ যুঁজ দি হ'লেও শৃংখলা নিজৰ দখলত অনাৰ চেষ্টা কৰিব চাই হ'প বাহিনীয়ে। আনহাতে দ্বিতীয়খন এদিনীয়াত ভাগ নোলোৱা ৰোহিত-বিৰাটে আজিৰ মেচত ভাগ লয় নে নলয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

শৃংখলা দখলৰ যুঁজত ভাৰত-ৱেষ্ট ইণ্ডিজৰ গুৰুত্বপূৰ্ণ মেচ
বিদ্যালয়ৰ ভিতৰতে সহপাঠীক হত্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in