/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5e3f77e1-8e91-40ea-8f80-a90332b66a06/crime.jpg)
ডিজিটেল ডেস্ক : শ্ৰেণীকোঠাতে ছাত্ৰক ছুৰী মাৰি হত্যা কৰিলে সহপাঠীয়ে। এই ভয়াৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ এখন শিক্ষানুষ্ঠানত। দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰক বিদ্যালয়খনৰে এগৰাকী প্ৰায় ১৩ বছৰীয়া ছাত্ৰই ছুৰী মাৰি হত্যা কৰে।
জানিব পৰা মতে ছোৱালীৰ সতে কথা পতাক কেন্দ্ৰ কৰিয়েই উক্ত ঘটনাৰ সূত্ৰপাত ঘটে। আৰক্ষীয়ে জনোৱা অনুসৰি হত্যাকাৰী ছাত্ৰজন আগৰ পৰাই অপৰাধী প্ৰকৃতিৰ বুলি উল্লেখ কৰে। উল্লেখ্য যে পূৰ্বেও ছোৱালীৰ লগত কথা পতাক লৈ দুয়োৰে মাজত তৰ্ক-বিতৰ্ক লাগিছিল।