/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4cfe3023-2ef2-453a-9291-c9521173ef57/133.jpg)
ডিজিটেল ডেস্ক : প্ৰথমবাৰলৈ সমাগত এছিয়ান গেমছৰ বাবে মাৰবান্ধি সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। চীনত অনুষ্ঠিতব্য এছিয়ান গেমছ ২০২৩ত প্ৰথবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব।
অৱশ্যে ইয়াৰ পূৰ্বেও ২০১৪ চনৰ এছিয়ান গেমছত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত সাময়িকভাৱে এছিয়ান গেমছত ক্ৰিকেটৰ পথ ৰুদ্ধ হৈ পৰিছিল।
কিন্তু সুদীৰ্ঘ ৯ বছৰ পিছত অৰ্থাৎ ২০২৩ চনৰ এছিয়ান গেমছত পুনৰ দৰ্শকে দেখিবলৈ পাব ক্ৰিকেটক। পুৰুষ-মহিলা উভয়ৰে মাজত তথা টি-২০ সংস্কৰণত এইবিধ খেল অনুষ্ঠিত কৰা হ'ব।
ইতিমধ্যে বি চি চি আইৰ নিৰ্বাচকমণ্ডলীয়ে পুৰুষ আৰু মহিলাৰ দুয়োটা দল গঠন কৰিছে। ইফালে ন-সাজেৰে সাজু হৈ উঠিছে ভাৰতীয় ক্ৰিকেট দল।
সমাগত এছিয়ান গেমছৰ বাবে চীন অভিমুখী ভাৰতীয় দলৰ নতুন জাৰ্চী মুকলি কৰা হৈছে। বুকুত 'ইণ্ডিয়া' খোদিত কৰা উপৰি দুই বাহুৰ এফালে স্পনছ'ৰ জে এছ ডব্লিঅ' আৰু আনফালে ইণ্ডিয়ান অলিম্পিকৰ লগো সম্বলিত জাৰ্চী মুকলি কৰা হৈছে।
ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব ঋতুৰাজ গাইকোড়ো। অহা ৩ অক্টোবৰৰ পৰা ভাৰতে এছিয়ান গেমছৰ খেল আৰম্ভ কৰিব।
Also Read: নাৰীৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত নগাঁৱত বিক্ষোভ