/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1fb07586-154e-422a-942e-562877e6a30f/nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁও: নাৰীৰ সামাজিক সুৰক্ষা, নিৰাপত্তা নিশ্চিতকৰণ, আৰ্থিক সমস্যাৰাজি সমাধান কৰাৰ লগতে সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বুধবাৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা শাখাই নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
চহৰখনৰ মতিৰাম বৰা উদ্যানৰ সমীপত সংগঠনটোৰ শতাধিক মহিলাই এই কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে মহিলাৰ সামাজিক সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায়।
বিক্ষোভকাৰীসকলে "নাৰীৰ অধিকাৰ নিশ্চিত কৰক", "নাৰীৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰক", "চৰকাৰী আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰক", "অত্যাৱশ্যকীয় সামগ্ৰী ৰেচন কাৰ্ডত সুলভ মূল্যত যোগান ধৰক", "মহিলাক সমান কামৰ সমান মজুৰি প্ৰদান কৰক", "বিজেপি চৰকাৰ হায় হায়", "মূল্যবৃদ্ধি ৰোধ কৰক" আদি বিভিন্ন শ্লগান দি ৰাজপথ উত্তাল কৰি তোলে। লগতে সংগঠনটোৰ দাবী সমূহ শীঘ্ৰে সমাধানৰ পদক্ষেপ গ্ৰহণ নকৰিলে সমিতিয়ে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা শাখাৰ সদস্যসকলে ।
Also Read: জামুগুৰিত মৃত্যু বাহিনীৰ প্ৰথম নায়ক ছহিদ মনবৰ নাথক সশ্ৰদ্ধ স্মৰণ