/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/21c62958-c92f-426c-a63f-c9d440f13a55/353.jpg)
ডিজিটেল ডেস্ক : অসমীয়া প্রতিদিনে একাদশ বার্ষিক টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জজ খেলপথাৰত মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত প্রতিদিনে ৪৫ ৰানত প্রাগ নিউজক পৰাস্ত কৰে।
প্ৰতিদিনে প্রথমে বেটিং কৰি ৰোমাৰিঅ' শৰ্মাৰ ৫৪ আৰু পাৰ্থিৱ হাজৰিকাৰ ৪৮ ৰানৰ সহায়ত ৬টা উইকেট হেৰুৱাই ১৮১ ৰান কৰে। প্ৰাগৰ শুভম তৰফদাৰে ২টা উইকেট দখল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8338c155-e2b9-42a7-8f84-eeb40f16e85d/a0a20d2c_e3bb_4c24_a9c8_22fc9d012622.jpg)
প্ৰত্যুত্তৰত সঞ্জীৱ নাৰায়ণৰ ৩১ ৰানৰ সহায়ত প্রাগে ১৮ অ'ভাৰত ১৩৬ ৰানত ইনিংছ সামৰে। প্ৰতিদিনৰ হৈ পুষ্পৰাজ শৰ্মা আৰু তৌহিদ আলী তালুকদাৰে ৩টাকৈ তথা পার্থিৱে ২টা উইকেট লাভ কৰে। পাৰ্থিৱ মেচৰ শ্রেষ্ঠ হিচাপে বিবেচিত হয়।
উল্লেখ কৰা প্ৰয়োজন যে, আজি পুৱাৰ ভাগত অনুষ্ঠিত অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত নিউজ লাইভে ৮ উইকেটত আউটষ্টেচন একাদশক হৰুৱাই ছেমি ফাইনেলত প্রৱেশ কৰিছিল। প্রথমে বেটিং কৰি আউটষ্টেচনে ১৬.২ অ'ভাৰত ৮১ ৰানত ইনিংছ সামৰে। দেৱজিৎ মহন্তই ৩টা আৰু বিক্রমজিৎ কলিতাই ২টা উইকেট লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3ea8e406-73db-4698-b3c6-fe7166a60fd8/73e92b48_c79c_4891_a026_78a7c6acdc13.jpg)
প্ৰত্যুত্তৰত প্ৰাঞ্জল ফুকনৰ অপৰাজিত ২৫ আৰু ভাস্কৰ হাজৰিকাৰ ২৩ ৰানৰ সহায়ত নিউজ লাইভে ৯.২ অ'ভাৰত ২টা উইকেট হেৰুৱাই জয়ী হয়। অভিজিৎ কুলকার্ণীয়ে দুয়োটা উইকেট দখল কৰে।
Also Read: সফলভাৱে সম্পন্ন মহম্মদ ছামীৰ অস্ত্ৰোপচাৰ