সফলভাৱে সম্পন্ন মহম্মদ ছামীৰ অস্ত্ৰোপচাৰ

মহম্মদ ছামীৰ দ্ৰুত আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰী মোডীৰ টুইট

author-image
Asomiya Pratidin
New Update
সফলভাৱে সম্পন্ন মহম্মদ ছামীৰ অস্ত্ৰোপচাৰ

ডিজিটেল ডেস্ক : বৃটেইনত সফলভাৱে সম্পন্ন হৈছে ভাৰতীয় ক্ৰিকেটৰ মহম্মদ ছামীৰ অস্ত্ৰোপচাৰ। শেহতীয়াকৈ তেওঁ গোৰোহাত আঘাপ্ৰাপ্ত হৈ উন্নত চিকিৎসাৰ বাবে বৃটেইনলৈ গৈছিল।

Advertisment

বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত মঙলবাৰে ক্ৰিকেটাৰগৰাকীৰ গোৰোহাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱা খবৰ তেওঁ সামাজিক মাধ্যমযোগে ৰাইজক জনায়।

তেওঁ কয় যে, সুস্থ হোৱাৰ বাবে কেইদিনমানৰ প্ৰয়োজন হ'ব। সুস্থ হৈয়ে তেওঁ খেলপথাৰলৈ ঘূৰি অহাৰ কথা প্ৰকাশ কৰে। ইতিমধ্যে তেওঁৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱা বুলি উল্লেখ কৰে। আনহাতে ছামীৰ দ্ৰুত আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আজি তেওঁ টুইটযোগে ছামীৰ আশু-আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে আঘাতৰ বাবে সমাগত আই পি এলৰ পৰা বাদ পৰিছে তাৰকা ক্ৰিকেটাৰগৰাকী। ইফালে আঘাতমুক্ত হৈয়ে তেওঁ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন আৰম্ভ কৰিব বুলি এক সূত্ৰত প্ৰকাশ।

Also Read: শিক্ষক কন্দৰ্প দলেৰ বিয়োগ : ঢকুৱাখনাত শোকৰ ছাঁ

MD SHAMI cricket narendra modi