পাকিস্তানত খেলিব যাব লাগিব ভাৰতঃ অন্যথা ভৰিব লাগিব বৃহৎ জৰিমণা...

পাকিস্তানত খেলিব যাব লাগিব ভাৰতঃ অন্যথা ভৰিব লাগিব বৃহৎ জৰিমণা...

ডিজিটেল ডেস্কঃ আই চি চিত বি চি চি আইৰ প্ৰভাৱ থাকিলেও আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনত ভাৰতীয় টেনিছ সন্থাৰ তেনে কোনো প্ৰভাৱ নাই। আন্তঃৰাষ্ট্ৰীয় টেনিছ সন্থাৰ ওচৰত গুৰুত্বহীন ভাৰতীয় টেনিছ সন্থা ! যাৰ বাবে বিশ্ব সংস্থাটোৱে এতিয়া পোনচাতেই নাকচ কৰিবলৈ সংকুচ কৰা নাই ভাৰতীয় টেনিথ সন্থাৰ আৱেদন।

সৌ সিদিনা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ কথামতেই এছিয়ান ক্ৰিকেট কাউন্সিলে পাকিস্তানৰ পৰা এছিয়া কাপৰ প্ৰতিযোগিতা আঁতৰাই হাইব্ৰিড পদ্ধতিৰে অনুষ্ঠিত কৰিছিল। কুটনৈতিক কাৰণত পাকিস্তানলৈ ভাৰতীয় ক্ৰিকেট দলে ভ্ৰমণ নকৰাৰ অজুহাতত ভাৰতে খেলা আটাইকেইখন মেচ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। বি চি চি আইৰ দৰে শক্তিশালী ক্ৰিকেট ব'ৰ্ডৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছিল সকলো।

কিন্তু টেনিছত সেই প্ৰভাৱ নাই ভাৰতৰ। সেয়ে এতিয়া ৬০ বছৰৰ পাছত পাকিস্তান ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় টেনিছ দল। এইবাৰ পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ডেভিছ কাপৰ গ্ৰুৰ পৰ্যায়ৰ মেচ খেলিবলৈ যাব ভাৰতীয় টেনিছ দলটো।

উল্লেখ্য যে, সন্ত্ৰাসবাদক কেন্দ্ৰ কৰি পাকিস্তানৰে কুটনৈতিক সম্পৰ্ক অৱনতি ঘটাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৱে এই দেশখনৰ সৈতে কোনো দ্বিপাক্ষীক শৃংখলাত অংশগ্ৰহণ কৰা নাই। একেদৰে এই দেশখন ভ্ৰমণৰ পৰাও বিৰত আছে। অৱশ্যে পাকিস্তান ক্ৰিকেট দলটোৱে ভাৰতত বিশ্বকাপৰ মেচত অংশগ্ৰহণ কৰিছিল।

ভাৰতে পাকিস্তান ভ্ৰমণ নকৰাৰ বাবেই এছিয়া কাপ হাইব্ৰিড পদ্ধতিৰে অনুষ্ঠিত হৈছিল। ক্ৰিকেটৰ দৰেই টেনিছ দলটোকে ভাৰতে পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্তৰে আন্তঃৰাষ্ট্ৰীয় টেনিছ সন্থাৰ ওচৰত আৱেদন দাখিল কৰিছিল যদিও সেই আৱেদন নাকচ কৰিছে সংস্থাটোৱে। লগতে ভাৰতীয় টেনিছ সন্থাক জনাই দিছে যদিহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে তেন্তে বৃহৎ পেনাল্টিৰ সন্মুখীন হ'ব লাগিব।

জানিব পৰা মতে ভাৰতে এই প্ৰতিযোগিতাখন কোনো এক নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল। কিন্তু ভাৰতৰ সেই আৱেদন নাকচ কৰা হৈছে। উল্লেখ্য ভাৰতে অন্তিমবাৰৰ বাবে পাকিস্তানত ১৯৬৪ চনতে ডেভিছ কাপৰ মেচত অংশগ্ৰহণ কৰিছিল।

শেহতীয়াকৈ ২০১৯ ত পুনৰ পাকিস্তানে এই মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ভাৰতৰ অনুৰোধ সাপেক্ষে কাজখাস্তানলৈ স্থানান্তৰিত কৰা হৈছিল। কিন্তু এইবাৰ ভাৰতৰ তেনে কোনো আৱেদন গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় টেনিছৰ সৰ্বোচ্চ সংস্থা।

এই সন্দৰ্ভত ভাৰতীয় টেনিছ সন্থাৰ সম্পাদক অনিল ধুপৰে সংবাদ মাধ্যমৰ আগত কয়, "বিশ্ব টেনিছ সন্থাই আমাৰ আবেদন নাকচ কৰিছে। সোমবাৰে আমাৰ এটা দল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ যাব। তাৰ পাছতে আমি পৰৱৰ্তী পদক্ষেপৰ ক্ষেত্ৰত পৰামৰ্শ লম ।”

তেওঁ পুনৰ কয়, ভাৰতে ডেভিছ কাপ খেলিব লাগিব।তাৰ বাবে প্ৰয়োজন হ’লে কেন্দ্ৰৰ পৰা অনুমতি লৈ ভাৰতীয় দলটো পাকিস্তানলৈ যাব। আমি ডেভিছ কাপ কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় তালৈ অপেক্ষা কৰি আছো । যদি আমাৰ দাবী নাকচ হয় আৰু পাকিস্তানত খেলৰ আয়োজন হয়, তেন্তে আমি যাব লাগিব । তেনে ক্ষেত্ৰত মই কেন্দ্ৰৰ পৰা অনুমতি ল'ম । কাৰণ ডেভিছ কাপ টেনিছৰ অতি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা । ইয়াত খেলাৰ সুযোগ এৰিব নোৱাৰি । ইয়াৰ বাবে যি কৰিব লাগিব তাকেই কৰিম।''

উল্লেখ্য ২০২৪ ৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। এই দলটোৰ অধিনায়ক হিচাপে আছে ৰামকুমাৰ ৰামানাথন।দলটোৰ আন চাৰিগৰাকী খেলুৱৈ ক্ৰমে শ্ৰীৰাম বালাজী, ইউকি ভাম্বৰী, সাকেত মিনানী আৰু নিকি পুনাচা । দিগ্বিজয় প্ৰতাপ সিঙক ৰিজাৰ্ভ খেলুৱৈ হিচাপে ৰখা হৈছে ।

যদিহে ভাৰতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে তেন্তে পাকিস্তানক এই প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰাৰ লগতে ভাৰতক জৰিমণা বিহা হ'ব। ইয়াৰোপৰি ভাৰত বিশ্ব গ্ৰুপ-২লৈ অৱনমিত হ’ব।

পাকিস্তানত খেলিব যাব লাগিব ভাৰতঃ অন্যথা ভৰিব লাগিব বৃহৎ জৰিমণা...
২৭ আৰু ২৮ ডিচেম্বৰত চিলাপথাৰত বিশাল আধ্যাত্মিক অনুষ্ঠান 'সদ্ভাৱণা সন্মিলন'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in